Local, Vocal, Global

ভিডিঅ’ শ্বুট কৰিবলৈ গৈ ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ

মধ্যপ্ৰদেশৰ হোচঙ্গাবাদ জিলাৰ আৰক্ষীয়ে সোমবাৰে জনোৱা অনুসৰি ৰে’লপথৰ কাষত ভিডিঅ’ৰ বাবে পোজ দি থকা অৱস্থাত ৰে’লৰ খুন্দাত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়।ঘটনাটো ইটাৰচি-নাগপুৰ ৰে’ল পথত সংঘটিত হৈছিল আৰু মৃত ব্যক্তিজনক সঞ্জু চৌৰে (২২) বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনে তেওঁৰ বন্ধুৰ সৈতে ছ’চিয়েল মিডিয়া একাউণ্টত আপলোড কৰাৰ বাবে এটা ভিডিঅ’ শ্বুটিং কৰি আছিল যেতিয়া সন্ধিয়া প্ৰায় ৫:৩০ বজাত শৰদদেৱ বাবা অঞ্চলত ৰে’লৰ খুন্দাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকসকলে তেওঁক আহি পোৱাৰ পিছত মৃত বুলি ঘোষণা কৰিছিল।

তেওঁৰ বন্ধুৰ দ্বাৰা দৃশ্যগ্ৰহণ কৰা এটা  ভিডিঅ’ত দেখা গৈছে যে পিছফালৰ পৰা এখন ৰে’ল আহি আছে। সেই সময়তে কেমেৰাৰ সন্মুখত প’জ দিয়াত ব্যস্ত হৈ পৰিছে এজন যুৱক। যেন কোনো ভয়–শংকা নাই । সকলো পাহৰি দুঃসাহসিক ভিডিঅ’ বনোৱাত ব্যস্ত দুই বন্ধু। ৰে’লৰ চালকে বহুবাৰ হৰ্ণ দিয়াৰ পিছতো কোনো লাভ নহ’ল। প’জ দিয়াৰ সময়তে ঘটিল মৰ্মান্তিক ঘটনাটো। ৰে’লৰ খুন্দাত কেইবাফুট দূৰৈত পৰিলগৈ যুৱকজন।