Local, Vocal, Global

অসমৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক উত্তম যুধ সেৱা পদকৰে সন্মানিত

লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁৰ উৎকৃষ্ট সেৱাৰ বাবে উত্তম যুধ সেৱা পদকৰে সন্মানিত কৰা হৈছে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত বীৰত্ব বঁটা প্ৰদান অনুষ্ঠানত ৰাণা প্ৰতাপ কলিতাক এই বঁটা প্ৰদান কৰে।

যুদ্ধকালীন বিশিষ্ট সেৱাৰ বাবে ভাৰতৰ সামৰিক সজ্জাৰ অন্যতম উত্তম যুধ সেৱা পদক লাভ কৰা কলিতা হৈছে প্ৰথম জন অসমবাসী।

নিম্ন অসমৰ ৰঙিয়াৰ বাসিন্দা লেফটেনেণ্ট জেনেৰেল কলিতাক ইয়াৰ পূৰ্বে তেওঁৰ উৎকৃষ্ট সেৱাৰ বাবে দুবাৰকৈ সেনা পদক আৰু বিশিষ্ট সেৱা পদকৰে সন্মানিত কৰা হৈছিল।

তেওঁক ডিমাপুৰৰ ওচৰৰ ৰঙ্গপাহাৰত অৱস্থিত তৃতীয় কৰ্পৰ জিঅ’চি হিচাপে মনোনীত কৰা হৈছিল।