Local, Vocal, Global

Youth Goes Missing in Siang River While Fishing : জোনাইত অঘটন; বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন যুৱক

জোনাই,১৪মে’ : জোনাইত সংঘটিত হৈছে অঘটন । সোমবাৰে চিয়াং নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হ’ল এজন যুৱক ৷ সন্ধানহীন যুৱকজন জোনাইৰ বেৰা বেংগলী গাঁৱৰ(Youth Goes Missing in Siang River While Fishing) ।

জানিব পৰা মতে, সোমবাৰে আবেলি প্ৰায় ২ বজাত দুই বন্ধুৰ সৈতে এখন সৰু যন্ত্ৰচালিত নাৱত চিয়াং নদীত মাছ মাৰিবলৈ গৈছিল । মঙলবাৰে পুৱা হঠাতে প্ৰায় চাৰি বজাত নাৱখনৰ পৰা যুৱকজন পিছলি নদীৰ বুকুত পৰি যায় ।

যুৱকজেনে নদীত পৰাৰ পিছতে যুৱকজনৰ সৈতে যোৱা দুই বন্ধুৱে যুৱকজনক বচাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সক্ষম নহ’ল । লগে লগে ঘটনা সন্দৰ্ভত পৰিয়াল তথা ৰাইজক অৱগত কৰাত পৰিয়ালে জোনাই আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত অনুসন্ধান চলাই আছে ৷ বাতৰি সংগ্ৰহ কৰা সময়লৈকে যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই কোনো । সন্ধানহীন যুৱকজন জোনাইৰ বেৰা বেংগলী গাঁৱৰ ২৮ বছৰীয়া ভুৱন দাস বুলি জানিব পৰা গৈছে(Youth Goes Missing in Siang River While Fishing, Search Underway) ।

লগতে পঢ়ক : PM files nomination papers for Lok Sabha election : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল; তৃতীয়বাৰৰ বাবে বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোদীয়ে