Local, Vocal, Global

সামুদ্রিক ধুমুহা এ জোকাৰিব অসমক

ওড়িশাত সৃষ্টি হোৱা সাগৰীয় ঘূর্ণি বতাহৰ প্রভাৱ উত্তৰ–পূর্বাঞ্চলত দুদিন ধৰি পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ ঘূর্ণি বতাহৰ প্রভাৱৰ ফলত অহা দুদিনত উত্তৰ–পূর্বাঞ্চলৰ ঠায়ে ঠায়ে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা জনায়৷উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো জিলাত ইতিমধ্যে সতর্কতা জাৰি কৰিছে৷ বংগোপসাগৰত সৃষ্টি হোৱা য়াশ ঘূর্ণি বতাহে ওড়িশাৰ ভন্ন প্রান্তত ধুমুহাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আজি আৰু কাইলৈ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ঠাইত বিশেষ প্রভাৱ পেলাব৷অসম আৰু মেঘালয়ৰ বিভিন্ন ঠাইত দুয়োটা দিনত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্রিপুৰাতো প্রভাৱ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিছে৷ লগতে চিৰাং, বৰপেটা, কোকৰাঝাৰ, ডিমা হাছাও, কামৰূপ গ্রাম্য, দক্ষিণ শালমাৰা, নগাঁও, বাক্সা, কৰিমগঞ্জ, কার্বি আংলং, ধুবুৰী আদি জিলাতো ইয়াৰ প্রভাৱ পৰিব৷ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কার্যবাহী জ্ঞানেন্দ্র দেৱ ত্রিপাঠীয়ে ৰাজ্যৰ প্রতিখন জিলাৰ উপায়ুক্তলৈ জৰুৰী বার্তা তথা নির্দেশনা প্রেৰণ কৰিছে৷ অগ্নি নির্বাপক, এন ডি আৰ এফ, অসামৰিক প্রতিৰক্ষা আদি সকলো জৰুৰী সেৱা সাজু কৰি ৰাখিবলৈ উপায়ুক্তসকললৈ নির্দেশ দিয়া হৈছে৷ বিশেষকৈ বানপ্রৱণ এলেকাসমূহত অতি সতর্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে৷কিয়নো কেইদিনমান ধাৰাসাৰ বৰষুণ দিলেই ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পৰা নীপকোৱে পানী এৰি দিয়ে আৰু লখিমপুৰত অবর্ণনীয় পৰিস্থিতি সৃষ্টি হয়৷সেয়ে হ’লে প্রকল্পৰ জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে পানী মোকলাই দিয়াৰ সম্ভাৱা এশ শতাংশ৷ যদি সেয়ে হয় তেন্তে এফালে সামুদ্রিক ধুমুহাৰ তাণ্ডৱ, প্রবল বৃষ্টিপাত আৰু আনফালে দুই প্রকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত পনীয়ে লখিমপুৰ যে ধুই পেলাব আৰু এক অবর্ণনীয় পৰিস্থিতি সৃষ্টি হ’ব৷