Local, Vocal, Global

World Milk Day 2023: আজি বিশ্ব দুগ্ধ দিৱস, কিয় পালন কৰা হয় বিশ্ব দুগ্ধ দিৱস; জানি লওক

ইন্টাৰনেশ্যনেল ডেস্ক, ১জুন’ : আজি বিশ্ব দুগ্ধ দিৱস(World Milk Day)। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ১ জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় (World Milk Day observed every year on 1st June)। প্ৰথমবাৰৰ বাবে এই দিনটো সংযুক্ত ৰাষ্ট্ৰৰ ‘ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে’(Food and Agriculture Organisation of the United Nations) ২০০১ চনত ১জুনৰ দিনটোক বিশ্ব দুগ্ধ দিৱস হিচাপে উদযাপন কৰিছিল (established World Milk Day in 2001) ৷

বিশ্বৰ জনসাধাৰণক গাখীৰৰ প্ৰয়োজনীয়তা সম্বন্ধে বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব দুগ্ধ দিৱসৰ মূল উদ্দেশ্য ৷

গাখীৰ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয়? ইয়াৰ সেৱনৰ দ্বাৰা কেনেধৰণৰ লাভ পাব পাৰি, এইবোৰৰ বিষয়ে জনসাধাৰণক জনোৱা আৰু সজাগতা বৃদ্ধি কৰাৰ অৰ্থেই এই দিনটো পালন কৰা হয় ৷

গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে মানুহক গাখীৰৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা আৰু গাখীৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা । গাখীৰৰ এই উপকাৰীতাৰ আৰু গুৰুত্বৰ বাবে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছিল ((World Milk Day) ।

দৈনিক এগিলাচ গাখীৰ খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা শৰীৰটোক মুক্ত কৰি ৰাখিব পৰা যায় ৷ গাখীৰ এনে এবিধ পুষ্টিকৰ খাদ্য, য’ত কেলচিয়াম, মেগনেচিয়াম, জিংক, ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-বি ১২, প্ৰ’টিন আদি পোৱা যায় ৷ আৰু সকলো বয়সৰ ব্যক্তিৰ বাবে গাখীৰ অতি উত্তম ৷

২০২৩ চনৰ বিশ্ব দুগ্ধ দিৱসৰ বিষয়বস্তু হৈছে (Significance of World Milk Day 2023)- দুগ্ধজাত সামগ্ৰীয়ে কেনেকৈ পুষ্টিকৰ খাদ্য আৰু জীৱিকাৰ ব্যৱস্থা কৰাৰ লগতে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা (World Milk Day 2023)।

বিশ্ব দুগ্ধ দিৱসৰ উদ্দেশ্য হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক মাজত গাখীৰৰ উপকাৰিতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহে কেনেকৈ গাখীৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু গাখীৰৰ স্বাস্থ্যজনিত উপকাৰিতাৰ কি কি । এফ এ অ’ৰ অনুমান অনুসৰি দুগ্ধ উদ্যোগে এক বিলিয়নতকৈ অধিক জীৱিকাৰ সহায় কৰে আৰু বিশ্বৰ ছয় বিলিয়নতকৈ অধিক লোকে দুগ্ধজাত সামগ্ৰী সেৱন কৰে ।

গাখীৰ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। গাখীৰ খোৱাৰ ফলত আমাৰ হাড় আৰু দাঁত মজবুত হয় । ইয়াৰ লগতে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা ৰক্তচাপো নিয়ন্ত্ৰণত থাকে । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো গাখীৰ ফলপ্ৰসূ । আনহাতে, গাখীৰ সেৱন কৰিলেও চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় ।দুৰ্বল শৰীৰৰ লোকে নিয়মীয়াকৈ গাখীৰ খাই থাকিলে শৰীৰৰ ওজন সোনকালে বৃদ্ধি পাব।

লগতে পঢ়ক : Daily Horoscope for 1st june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল