Local, Vocal, Global

ASTC Bus Bursts Into Flames at Tinsukia : তিনিচুকীয়াৰ পৰা তেজপুৰলৈ চলাচল কৰা নৈশ বাছত অগ্নিসংযোগ

তিনিচুকীয়া, ১ জুন : আজি পুৱা তিনিচুকীয়া জিলাৰ এটা ডিপোত ৰহস্যজনকভাৱে জুইত জাহ যায় এখন নৈশ যাত্ৰীবাহী বাছ । AS 12 BC 9447 নম্বৰৰ মন ট্ৰান্সৰ্পত নামৰ নৈশ বাছখন আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা হঠাৎ অগ্নি সংযোগ হৈ সম্পূৰ্ণ জুইত জাহ যায় (suddenly catches fire in Tinsukia) । সৌভাগ্যক্ৰমে অগ্নি সংযোগ হোৱাৰ সময়ত বাছ খনত ড্ৰাইভাৰ, হেণ্ডিমেন কোনো উপস্থিত নাছিল । এই বাছ খন তিনিচুকীয়াৰ পৰা তেজপুৰলৈ চলাচল কৰে । বৃহস্পতিবাৰে পুৱা বাছখন তেজপুৰ অভিমুখে ৰাওনা হোৱাৰ কথা আছিল যদিও ৰহস্যজনকভাৱে জুইত জাহ যায় বাছখন ।

ইতিমধ্যে অগ্নি নির্বাপক বাহিনীৰ দুখন কৈ বাহনে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাছ খন সম্পূৰ্ণৰূপে ভস্মীভূত হয় । এতিয়াও জানিব পৰা নাই কি কাৰণত অগ্নিসংযোগ হৈছে ।

উল্লেখযোগ্য যে পৰিবহণ সংস্থাৰ বিৰুদ্ধে চাকৰিৰ পৰা বৰ্খাস্ত কৰা কেইবাজনো প্ৰাক্তন কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে এই কাণ্ড সংঘটিত হৈছে । মঙলবাৰে ঘোষণা কৰা হয় যে এ এছ টি চিয়ে অবৈধভাৱে নিযুক্তি পোৱা ৭৭১ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব।

আনুষ্ঠানিক জাননী অনুসৰি আনন্দ প্ৰকাশ তিৱাৰী আৰু খগেন্দ্ৰ নাথ চেতিয়াৰ পৰিচালন সঞ্চালক হিচাপে থকা সময়ছোৱাত যথাযথ পদ্ধতি পালন নকৰাকৈ মুঠ ২২৭৪ জন কৰ্মচাৰীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই সিদ্ধান্ত ঘোষণাৰ পাছত বুধবাৰে বিয়লি গুৱাহাটীৰ পল্টনবজাৰ অঞ্চলত থকা ASTC কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পল্টনবজাৰস্থিত ASTC ৰ কাৰ্যালয়ত একাংশ ক্ষতিগ্ৰস্ত কৰ্মচাৰীয়ে একত্ৰিত হৈ ৰাজ্য পৰিবহণ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদকক চাকৰিৰ পৰা অপ্ৰত্যাশিতভাৱে বৰ্খাস্ত কৰাৰ উত্তৰ দাবী জনায় (Amidst protest) ।

আন্দোলনশীল কৰ্মচাৰীসকলে কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে । পিছত পল্টনবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক : ASTC to Lay Off Illegally Recruited Employees : চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত ASTC অবৈধ কৰ্মচাৰীৰ