Local, Vocal, Global

Daily Horoscope for 1st june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে । আৰ্থিক লাভৰ যোগ ।আজি আপোনাৰ ব্যক্তিগত জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব ।আজি আপোনাৰ মন সন্তোষজনক হৈ থাকিব।

বৃষ ৰাশি: আজি আপুনি দিনটো আনন্দত থাকিব ।আজি আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব । আৰ্থিক লাভৰ যোগ ।

মিথুন ৰাশি: তৰ্ক-বিতৰ্কৰপাৰ দূৰত থকাই ভাল । আপোনাক লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব । বন্ধুসকলৰ নামত ব্যয় কৰিবলগীয়া হ’ব পাৰে আপুনি । আজি আপোনাৰ পেটৰ সমস্যা দেখা দিব পাৰে ।আপুনি যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ।

কৰ্কট ৰাশি: আজি আপুনি আনন্দ-উত্সাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব ।বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব ।পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে। আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে ।

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি আপোনাৰ গোটেই দিনটো আনন্দ আৰু শান্তিৰে পাৰ হ’ব। আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ।

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব । আপুনি নিজৰ মিঠা মাতেৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব । বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ।ভ্ৰমণৰ যোগ আছে।

তুলা ৰাশি: আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে। আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক । উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব । গাড়ী চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে । আপুনি নিজৰ প্ৰিয়জনসকলৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল ।

মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে ।আজি আপুনি বন্ধু আৰু প্ৰিয়জনসকলক লগ পাই আনন্দ পাব পাৰে। ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে ।কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব ।

কুম্ভ ৰাশি: আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে । এলেহুৱা ভাৱে আপোনাক আমনি দি থাকিব । তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব । মনোৰঞ্জনৰ কামত খৰছ হ’ব পাৰে ।

মীন ৰাশি: অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে । নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক । আপোনাৰ স্বাস্থ্যক লৈ সাৱধানে থাকক । অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব । আপুনি অস্থিৰতা অনুভৱ কৰিব পাৰে ।