লাচিতনগৰত পুনৰ অঘটন, অট্টালিকাৰ পৰি শ্ৰমিকৰ মৃত্যু
নিউজ ডেস্ক,১৩ অক্টোবৰ : মহানগৰীৰ লাচিতনগৰত পুনৰ সংঘটিত হৈছে অঘটন৷ দুদিন পূৰ্বে লাচিতনগৰত এগৰাকী ভিডিঅ’ জাৰ্নালিষ্টৰ মৃতদেহ চাৰি মহলীয়া অট্টালিকাৰ সমীপত উদ্ধাৰ হৈছিল৷
আজি পুনৰ গুৱাহাটীৰ লাচিত নগৰত ৩ মহলীয়া অট্টালিকাৰ পৰা পৰি এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
অট্টালিকাৰ পৰা সৰি পৰা লোকজনৰ নাম ভোলা বুলি জানিব পৰা গৈছে৷ ভোলা এগৰাকী শ্ৰমিক আছিল৷ ভোলাক সৰি পৰাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷