Local, Vocal, Global

শ্বাহৰুখক উভতাই দিলে বৰলুইতে

নিউজ ডেস্ক,১৩ অক্টোবৰ : অৱশেষত বৰলুইতে উভতাই দিলে শ্বাহৰুখক৷ মঙলবাৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙত নৌকাত উঠি কাম কৰি থকাৰ সময়তে ব্ৰহ্মপুত্ৰত সৰি পৰিছিল শ্ৰমিক শ্বাহৰুখ৷ দুদিনৰ মূৰকত শ্বাহৰুখৰ মৃতদেহ উদ্ধাৰ হয়৷ এছডিআৰএফে অভিযান চলাই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা শ্ৰমিক শ্বাহৰুখ খানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মঙলবাৰে দলঙত কাম কৰি থকাৰ সময়তে দলঙৰ পৰা পৰি ব্ৰহ্মপুত্ৰত নিখোজ হৈছিল শ্বাহৰুখ আলী৷ গুৱাহাটী-উত্তৰ গুৱাহাটী নিৰ্মীয়মাণ দলঙত কৰ্মৰত অৱস্থাত নৌকাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছিল ২২ বছৰীয়া শ্বাহৰুখ৷ মহানগৰীৰ ধীৰেণপাৰাৰ মছজিদ গলিৰ শ্বাহৰুখে মঙলবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত ভৰলুমুখ এলেকাত ব্ৰহ্মপুত্ৰত কৰ্মৰত অৱস্থাত নৌকাৰ পৰা পিছলি পৰে। ঘটনাৰ পাছতে SDRF আৰু ভৰলুমুখ আৰক্ষীয়ে অব্যাহত ৰাখিছিল উদ্ধাৰ অভিযান৷ আজি কালিপুৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্বাহৰুখৰ মৃতদেহ৷ SP SINGLA CONSTRUCTION-এ নিৰ্মাণ কৰি আছে দলংখন। শ্বাহৰুখৰ এনে দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য আগবঢ়োৱা নাই SP SINGLA CONSTRUCTION-এ৷