Watch | Wooden bridges in dilapidated condition: জৰাজীৰ্ণ অৱস্থালৈ ৰূপান্তৰিত কাঠৰ দলং
গুৱাহাটী: জৰাজীৰ্ণ হৈ পৰা কাঠৰ দলঙৰ সন্মুখত বেৰিকেড দি পথ বন্ধ কৰিয়েই দায়িত্ব সামৰিছে লোক নিৰ্মাণ বিভাগে । নগৰবেৰাৰ পৰা কল্যাণপুৰলৈ যোৱা পকী পথৰ দেওশিলা নদীৰ ওপৰত থকা কাঠৰ দলংখন বিধ্বস্ত হোৱাত বিপজ্জনক হৈছে যাতায়াত ব্যৱস্থা । দলংখনেৰে কোনোমতে বাইক চলাচল কৰিলেও গধুৰ বাহন চলাচলত বাধা আৰোপ কৰিছে লোক নিৰ্মাণ বিভাগে ।
দীৰ্ঘদিন ধৰি দলংখন মেৰামতি ও পুনঃনিৰ্মাণ নকৰাৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগীয়া হৈছে কেইবাখন গাঁওৰ ৰাইজে। বিদ্যালয়লৈ যোৱা পথত হাতত ধৰি দলং পাৰ কৰাই দিবলগীয়া হৈছে শিশু ছাত্ৰ-ছাত্ৰী সকলক। স্থানীয় লোকে জনোৱা মতে, দলংখনৰ এনে শোচনীয় অৱস্থাৰ বাবে সংঘটিত হৈছে একাধিক দুৰ্ঘটনাও । তথাপিও গা লৰা নাই লোক নিৰ্মাণ বিভাগৰ । শীঘ্ৰে দলংখন মেৰামতি কৰাৰ লগতে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে।