Local, Vocal, Global

২০২৩ৰ পৰা নাপাব ‘জ’নছন বেবী পাউদাৰ’

নিউজ ডেস্ক, ১২ আগষ্ট : শিশুৰ পৰা আৰম্ভ কৰি প্ৰায়সকলো লোকে ব্যৱহাৰ কৰা এবিধ সামগ্ৰী হৈছে ‘জ’নছন বেবী পাউদাৰ’।

কিন্তু এতিয়া আহি পৰিছে এক বিশেষ খবৰ। ২০২৩ৰ পৰা আপুনি আৰু নাপাব ‘জ’নছন বেবী পাউদাৰ’৷

৩৫ হাজাৰ মহিলাই এই সামগ্ৰীবিধৰ বিৰুদ্ধে কৰা অভিযোগৰ ফলস্বৰূপে কোম্পানীয়ে সামগ্ৰীবিধ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷

উল্লেখ্য যে, কোম্পানীয়ে ২০২০তে আমেৰিকা আৰু কানাডাত সামগ্ৰীবিধৰ বিক্ৰী বন্ধ কৰিছে ৷

‘জ’নছন পাউদাৰ’ত পোৱা ক্ষতিকাৰক ফাইবাৰ এছবেষ্টছৰ (Fiber Asbestos)বাবে মানুহৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ অপৰাধত আমেৰিকাৰ এখন আদালতে কোম্পানীক ১৫ হাজাৰ কোটি টকাৰ জৰিমনাও বিহিছে৷