Local, Vocal, Global

অন্ধ্ৰ প্ৰদেশৰ অন্নমায়া জিলাত সংঘটিত হৈছে এক আচৰিত ঘটনা

নিউজ ডেস্ক, ১২ আগষ্ট : বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ অন্নমায়া জিলাত সংঘটিত হৈছে এক আচৰিত ঘটনা। এগৰাকী মহিলাই তেওঁৰ বোৱাৰীৰ কটা মুৰৰ সৈতে উপস্থিত হৈছে এখন আৰক্ষী চকীত ।

আৰক্ষীয়ে দিয়া তথ্য় অনুসৰি ৰামপুৰম (Rampuram) অঞ্চলৰ বাসিন্দা চুব্বাম্মাই সম্পত্তিৰ বিবাদৰ বাবে তেওঁৰ বোৱাৰী বসুন্ধৰাক হত্যা কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, মৃত ৩৫ বছৰীয়া মহিলা গৰাকী আৰু তেওঁৰ হত্যাকাৰী শাহুৰ দুয়ো গৰাকী একেটা ঘৰতে বাস কৰি আছিল। আনহাতে, মৃত মহিলাগৰাকীৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ দুগৰাকী কন্যাসন্তান আছে।

কিন্তু মৃত বোৱাৰী গৰাকীৰ এজন যুৱকৰ লগত অবৈধ সম্পৰ্ক আছে। দৰাচলতে হত্যাকাৰী শাহুগৰাকীৰ কিছু সম্পত্তি আৰু টকা আছিল যি বোৱাৰিয়েকে তেওঁৰ প্ৰেমিকৰ লগত আত্মসাৎ কৰিব বুলি তেওঁ ভাবিছিল।

অভিযুক্তগৰাকীয়ে কৈছিল যে, মৃত বোৱাৰী গৰাকীৰ এজন যুৱকৰ লগত অবৈধ সম্পৰ্ক আছিল। আনহাতে, হত্যাকাৰী শাহুগৰাকীৰ কিছু সম্পত্তি আৰু টকা আছিল যি বোৱাৰীয়েকে তেওঁৰ প্ৰেমিকৰ সৈতে আত্মসাৎ কৰিব বুলি তেওঁ ভাবিছিল।

যদি এনে হয় তেন্তে, তেওঁৰ নাতিনীসকলৰ প্ৰতি অন্যায় কৰা হ’ব। এইকথাকে লৈ দুয়োৰে মাজত প্ৰথমে তৰ্ক আৰু পিছলৈ ডাঙৰ কাজিয়া হৈছিল । আৰু এই কাজিয়াতে শাহুয়েক চোকা অস্ত্ৰৰে বোৱাৰিয়েকক ডিঙি কাটি হত্যা কৰে।

পৰৱৰ্তী সময়ত, শাহুৱেকে তেওঁৰ বোৱাৰীৰ কটা মুৰৰ সৈতে এখন আৰক্ষী চকীত উপস্থিত হয় আৰু তেওঁ সকলো কথা স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।