Local, Vocal, Global

দুলীয়াজানৰ টেঙাখাতত হাহাকাৰ পৰিস্থিতি

নিউজ ডেস্ক, ১২ আগষ্ট : দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কাম কৰাৰ চলেৰে অৰুণাচল প্ৰদেশলৈ নি বিক্ৰী কৰিলে ৬ জনকৈ যুৱকক।

খবৰ অনুসৰি, পোন্ধৰ দিন পূৰ্বে দুলীয়াজানৰ এগৰাকী যুৱকে টেঙাখাতৰ অন্তৰ্গত টিংৰাইহোলা গাঁৱৰ ৬ গৰাকীকৈ যুৱকক কামৰ প্ৰলোভনেৰে শদিয়ালৈ নিয়ে ।

আনহাতে, শেহতীয়াকৈ যুৱককেইজনৰ ভিতৰৰ এগৰাকীয়ে কোনো লোকে তেওঁলোকক অৰুণাচলত বিক্ৰি কৰিছে বুলি পৰিয়ালক অৱগত কৰে। আৰু কয় যে, তেওঁলোকক দিনে-নিশাই অকথ্য নিৰ্যাতন চলাই পথ মেৰামতি কামত নিয়োজিত কৰিছে ।

পৰৱৰ্তীসময়ত যুৱককেইগৰাকীৰ পৰিয়ালৰ লোকে টেঙাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আনহাতে, আৰক্ষীয়ে যুৱককেইগৰাকীক উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

উল্লেখ্য যে, যুৱককেইগৰাকী হৈছে বিকাশ সোণোৱাল, বিকাশ কৰ্মকাৰ, অজয় চুতীয়া, মংলো মাঝি, বাবাতু তাঁতী আৰু জঙ্গল তাঁতী ।

আনদাতে যুৱককেইজন বৰ্তমানেও অৰুণাচলতে আৱদ্ধ হৈ আছে ।