Local, Vocal, Global

মহিলাৰ ঋতুস্বাৱৰ তেজো বিক্ৰী হয় ভাৰতত,দেশত আৰম্ভ হৈছে আঘোৰী পূজাৰ পৰম্পৰা

ডিজিটেল ডেস্ক:-হয়,আচৰিত যেন লাগিলেও এয়া এক নিষ্ঠুৰ বাস্তব।একবিংশতিকাৰ মাজ ভাগত দেশত ভয়ংকৰ ৰূপত প্ৰকট হব লাগিছে অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ।শেহতীয়াকৈ সামজিক তথা ধৰ্মীয় অন্ধ বিশ্বাসৰ বলী হোৱা এগৰাকী নাৰী স্বীকাৰোক্তিয়ে স্তম্ভুত কৰি তুলিছে মানৱ সমাজক।এই ঘটনা কেৱল আচৰিতে নহয় ই মানৱতা বিৰোধী তথা অতি জঘন্য আৰু নিলৰ্জ্জ কাণ্ড।যি কু- সংস্কাৰ বলি হৈ এগৰাকী নাৰীয়ে খোদ আৰক্ষীৰ ওচৰত প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য়।নাৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আঘৰী পূজা নামৰ এক অতি ব্যতিক্ৰমী আৰু উগ্ৰ তান্ত্ৰীক সাধনাৰ বাবে বলপূৰ্বক সংগ্ৰহ কৰা হৈছিল ঋতুস্বাৱৰ তেজ।আৰু এই নিলৰ্জ্জ তথা জঘন্য কাণ্ড সংঘটিত কৰিছিল ভুক্তভোগী মহিলা গৰাকীৰ স্বামী আৰু শহুৰে।কলা যাদুৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত আজিও সম্পদিত হব লাগিছিল আঘৰী পূজা অথবা উগ্ৰ তান্ত্ৰীক সাধনা।এই বিশেষ পূজাৰ বাবে মহিলাৰ ঋতুস্বাৱ তেজ লাগে বুলিও এক বীভৎস অন্ধ বিশ্বাস প্ৰচলিত হয় আছে ।এই অন্ধ বিশ্বাসৰ অংশ হিচাপে নিজৰ স্বামী আৰু শহুৰেকে শাৰীৰিক নিৰ্যাতন চলাই আঘোৰী পূজাৰ বাবে সংগ্ৰহ কৰিছিল ঋতুস্বাৱৰ তেজ।মহিলা গৰাকীৰ লগতে ইয়াকো প্ৰকাশ কৰিছে যে, তেওঁৰ স্বামী আৰু শহুৰেকে এই বৰ্জীয় তেজ সংগ্ৰহ কৰি অন্য লোককো বিক্ৰী কৰি আহিছে।জানিব পৰা মতে, এক চামুচ পৰিমানৰ ঋতুস্বাৱৰ তেজ ৭০ হাজাৰ টকাত বিক্ৰী কৰা হয়।এনে ঘটনা দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থাকিব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা ঘটনাৰ স্থান জানিলে আপুনিও স্তম্ভুত হৈ পৰিব।এই নিলৰ্জ্জ আৰু অমানৱীয় কাণ্ড সংঘটিত হৈছে দেশৰ অন্যতম প্ৰগতিশীল আৰু আধুনিক মহানগৰী হিচাপে পৰিচিত পুনেত।মহাৰাষ্ট্ৰৰ পুনেত আঘোৰী পূজাৰ নামত সংঘটিত হোৱা এই ঘটনাই মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশবাসীকে স্তম্ভুত কৰিছে।ভুক্তভোগী মহিলা গৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰিছে ২০১৯ চনৰ পৰা তেওঁৰ স্বামী আৰু শহুৰেকে এনেদৰে জোৰ জুলুমকৈ অৰ্থাৎ শাৰীৰিক ভাৱে নিৰ্যাতন কৰি ঋতুস্বাৱৰ তেজ সংগ্ৰহ কৰি আহিছে।পুনেৰ লগতে মুম্বাই মহানগতো এনে ৰক্তৰ অবৈধ আৰু অনৈতিক ব্যৱহায় চলি থকা বুলিও অভিযোগ কৰে ভুক্তভোগী নাৰী গৰাকীয়ে।কিন্তু ইয়াতে প্ৰশ্ন হয় এই আঘোৰী পূজা দৰাচলাতে কি ?
দেশৰ সমাজ ব্যৱস্থাৰ পৰা ক’লা যাদু তথা অন্ধ বিশ্বাসৰ বিলুপ্তি সাধন কৰিবলৈ বহু আইন প্ৰণয় কৰা হৈছে কিন্তু তাৰ পাছটো কলা যাদু আৰু আঘোৰী পূজাৰ দৰে অন্ধ বিশ্বাস সম্পৰ্কীয় কাৰ্য কলাপ আজিও গোপনে চলি আছে।এনে পূজা সম্পাদন কৰা লোক সকলৰ মাজত আজিও দৃঢ় হৈ আছে অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ ।দেশৰ বিভিন্ন প্ৰান্তত চলি থকা অন্ধ বিশ্বাস অনুসৰি আঘোৰী পূজা সফল ভাৱে সম্পাদন কৰিবলৈ অপবিত্ৰ তেজৰ প্ৰয়োজন হয় ।যিহেতু তেজ মানৱ শৰীৰৰ এক অন্যতম কলা গতিকে এই জুলীয়া পদাৰ্থবিধ অপবিত্ৰ হোৱাৰ প্ৰশ্নই নুঠে ।কিন্তু ধৰ্মান্ধ আৰু অন্ধ বিশ্বাসী লোকসকলৰ মতে নাৰীৰ মাহেকীয়া ঋতু চক্ৰত নিৰ্গত হোৱা তেজই অপবিত্ৰ ৰক্ত ।এই বাবে এই চাম লোকে আঘোৰী পূজাৰ বাবে ঋতুস্বাৱৰ তেজ সংগ্ৰহ কৰে ।আঘোৰী পূজা সফলতাৰে সম্পাদন কৰিবলৈ পাৰিলে অঘোৰ দেৱতা আৰু আঘোৰী দেৱীৰ আশীৰ্ৱাদত অলৌকিক শক্তি লাভ হয় বুলি বহুলোকে বিশ্বাস কৰে ।সেয় সকল লোকৰ মাজত এই ধৰণা বৰ্তি আছে যে আঘোৰী পূজাই দিয়া অলৌকিক শক্তিৰ সহায়ত বিনা শ্ৰমে অৰ্থাত কোনো কাম নকৰাকো বিপুল ধন সম্পাদ অৰ্জন কৰিব পাৰি ।কেৱল সিমানে নহয় এই অলৌকিক শক্তি প্ৰয়োগ কৰি ৰজাক অৰ্থাত দেশৰ মন্ত্ৰী বিধায়কক নিয়ন্ত্ৰণ কৰিব পৰাৰি বুলিও একাংশ ধৰ্মান্ধ লোকে বিশ্বাস কৰে।বলীডদত অভাৱনীয় সফলতা লাভ কৰা দুইগৰাকী জনপ্ৰিয় অভিনেতাই আঘোৰী পূজা সম্পান্ন কৰি অলৌকিক শক্তি পাইছে বুলিও বলীডদৰ কলা কুশলীৰ মাজত প্ৰয়াই চৰ্চা হয় ।অন্য অৰ্থাত লোকচক্ষুৰ আৰত দেশৰ বিভিন্ন প্ৰান্তত হয়টো নিৰন্তৰে চলিব লাগিছে কলা যাদুৰ সাধনা।যি প্ৰক্ৰিয়াৰ হয়তো বলি হব লাগিছে দেশৰ বহু নাৰী ।
ইফালে এই নিলজ্জ ঘটনা সংঘটি হোৱাৰ পাছত পুনে আৰক্ষীয়ে ৰাজহুৱা অভিযোগৰ ভিত্তিত ভুক্তভুগী মহিলা গৰাকীৰ স্বামী আৰু শহুৰেক সহ ৭ গৰাকী লোকৰ বিৰুদ্ধে ভাৰতীয় সংবিধানৰ ৩৭৭,৩৫৪(A),৪৯৮(A),৫০৪,৩২৩ আৰু আইপিচি ৩৪ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।একে সময়তে মহাৰাষ্ট্ৰ কলা যাদু বিলুপ্তি কৰণ আৰু মানৱ বলি প্ৰতিৰোধ আইনৰ অধীনত ৰুজু কৰা হৈছে সুকীয়া গোচৰ।এই প্ৰসংগত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভুগী মহিলা গৰাকীয়ে স্বামী গৃহ ত্যাগ কৰি ইতিমধ্যে পিতৃ গৃহত থাকিবলৈ লৈছে।এই ঘটনা সম্পৰ্কত মহাৰাষ্ট্ৰৰ ৰাজ্যিক মহিলা আয়োগৰ মুৰব্বী ৰূপালী চাকনাৰে গভীৰ উদ্দিগ্নতা প্ৰকাশ কৰিছে ।একে সময়তে তেওঁ কয় যে,পুনেৰ দৰে অতি আধুনিক আৰু প্ৰগতিশীল মহানগৰতে যদি নাৰী এনে বীভৎস নিৰ্যাতনৰ বলি হৈছে তেন্তে গ্ৰাম্য সমাজৰ দুৰৱৰ্তী এলেকাত নাৰীয়ে কিমান যাতনা সহিব লগীয়া হৈছে সেইটো সহজে অনুমেয়।দেশত এতিয়া সনাতনী সভ্যতাৰ জাগৰত আৰু নাৰীৰ মৰ্যাদা ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লোৱা বুলিও বাৰম্বৰ দাবি কৰিছে গেৰুৱা বাহীনিৰ ৰথী মহাৰথীয়ে ।আৰু সেয় সময়তে RSSৰ বৰঘৰ মহাৰাষ্ট্ৰত মহিলাৰ মাহেকীয়াৰ ঋতুস্বাৱৰ তেজৰ বীভৎস ব্যৱসায় আৰম্ভ হোৱা বুলি অভিযোগ উঠাটো যথেষ্ট চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে।