ভিটামিন চি-ৰ অভাৱত আমি কি কি ৰোগত ভুগিব পাৰো জানো আহক…

ডিজিটেল ডেস্ক:-সকলো সময়তে স্বাস্থ্যৱান হৈ থাকিবলৈ আমাৰ ভাল আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভিটামিনযুক্ত আহাৰে আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্ত কৰি ৰখাত সহায়ক কৰে।আমাৰ শৰীৰটোক অন্যান্য ভিটামিনৰ দৰে ভিটামিন চি অতি প্ৰয়োজনীয়।অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা আৰু খোৱা-বোৱা সঠিক সময়ত নকৰাৰ ফলত শৰীৰত ভিটামিন চিৰ অভাৱে দেখা দিব পাৰে। ভিটামিন চি ৰ অভাৱৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।আহক জানি লওঁ ভিটামিন চি ৰ অভাৱত আমাৰ শৰীৰত কোনে ধৰণৰ ৰোগে দেখা দিয়ে।
নাকৰ পৰা ৰক্তক্ষৰণ
নাকৰ পৰা তেজ ওলোৱা সাধাৰণতে ভিটামিন চি-ৰ অভাৱৰ ফলত হ’ব পাৰে। যিসকল লোকে নাকেৰে ৰক্তক্ষৰণ হোৱা সমস্যাত ভুগি আছে তেওঁলোকে ২ সপ্তাহৰ বাবে ভিটামিন চি সমৃদ্ধ ফল-মূল গ্ৰহণ কৰিলে ৰক্তক্ষৰণৰ সমস্যাৰ পৰা সোনকালে উপশম পাব।
ওজন বৃদ্ধি
যিসকল লোকৰ ওজন দ্ৰুতগতিত বৃদ্ধি হৈ আছে, তেনেহ’লে এই সমস্যা ভিটামিন চি-ৰ অভাৱৰ সৈতে সম্পৰ্কিত হ’ব পাৰে। যদি শৰীৰত পৰ্যাপ্ত ভিটামিন চি থাকে, ই চৰ্বিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে, কিন্তু যদি শৰীৰত ভিটামিন চি-ৰ অভাৱ হয়, তেনেহ’লে পেটৰ চৰ্বি বৃদ্ধি হ’ব পাৰে।
শুকান ছাল
যদি আপোনাৰ ছাল খহটা আৰু শুকান হয়, তেন্তে আপোনাৰ শৰীৰত ভিটামিন চি-ৰ অভাৱৰ ফলত হ’ব পাৰে। ভিটামিন চি-ত এণ্টিঅক্সিডেণ্ট চিম্বিওচিছ নামৰ এবিধ উপাদান থাকে যি ছালক সতেজ কৰি ৰখাত সহায় কৰে।
ভাগৰ অনুভৱ কৰা
যদি আপুনি কাম কৰোঁতে সোনকালে ভাগৰি পৰিছে অথবা বিগত কেইবাদিনৰ পৰা নিজকে ভাগৰুৱা অনুভৱ কৰি আছে আৰু খজুৱতিত ভুগি আছে, তেনেহ’লে টেঙা ফল-মূল গ্ৰহণ কৰক। যেতিয়া শৰীৰত ভিটামিন চি-ৰ অভাৱ হয় তেতিয়া এনে লক্ষণসমূহে দেখা দিয়ে।
দৃষ্টিশক্তি দুৰ্বল হোৱা
চকুৰ বাবে ভিটামিন চি প্ৰয়োজনীয়। যদি আপুনি দৈনিক ভিটামিন চি সেৱন কৰে, তেন্তে চকুত ছানি পৰাৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব । যদি ভিটামিন চি-ৰ অভাৱ হয়, চকুৰ বিপদাশংকা বৃদ্ধি হয়।