ধিঙৰ মহখুটিত ভয়ংকৰ পথ দুৰ্ঘটনা!তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে এজন লোকক…

ডিজিটেল ডেস্ক:-ধিঙৰ মহখুটিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এজন লোকক ।দেওবাৰে নিশা ১১ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । মহখুটি বজাৰৰ পৰা বাইকত ঘৰলৈ গৈ থকাৰ সময়ত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়াত থিতাতে নিহত হয় মহখুটিৰ বাবুল হক নামৰ লোকজন । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই লগে লগে পলায়ন কৰে ডাম্পাৰখনে ।আৰু তাৰ পাছতেই উত্তেজিত ৰাইজে উক্ত পথেৰে মাটি কঢ়িওৱা বহুকেইটা ডাম্পাৰ বহুসময় পথত ৰখাই থয় । অৱশেষত ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।উল্লেখ্য যে, লাটিয়ামাৰী চৰৰ পৰা বটদ্ৰৱা থানলৈ আজি কিছুদিনৰ পৰা দৈনিক ২০/৩০ খনকৈ ডাম্পাৰে তীব্ৰবেগত মাটি কঢ়িয়াই থকাৰ ফলত স্থানীয় ৰাইজ, স্কুলীয়া ছাত্র-ছাত্ৰী পথেৰে চলাচল কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।তদুপৰি বিগত কিছুদিনৰ পৰা ধিং এলেকাত নথিপত্ৰ নথকা ডাম্পাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও এইক্ষেত্ৰত ধিং আৰক্ষীৰ ভূমিকা কিন্তু ৰহস্যজনক হৈ আছে ।