Local, Vocal, Global

হাতীৰ মৃত্যু ৰোধ কৰিবলৈ ৰেলৱেক উন্নত প্ৰযুক্তি ব্যৱহাৰৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ ৰেলৰ খুন্দাত ৰাজ্যত বিগত সময়ছোৱাত বন্যহস্তীৰ মৃত্যু হোৱাৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হাতীৰ মৃত্যুৰ ঘটনা ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈকো উত্তৰ-পূব সীমান্ত ৰেল কৰ্তৃপক্ষক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ বাবে ‘হাই এণ্ড টেকন’লজি’ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিষয়টো সন্দৰ্ভত ৰেল কৰ্তৃপক্ষৰ সৈতে বৈঠকতো মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত অংশগ্ৰহণ কৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক অংশুল গুপ্তা।

উল্লেখ্য যে যোৱা এসপ্তাহত উজনি অসমত ৰেলৰ খুন্দাত ৩টাকৈ হাতীৰ মৃত্যু হৈছিল। প্ৰাপ্ত তথ্য অনুযায়ী চলিত বৰ্ষত অসমত ৰেলৰ খুন্দাত অতিকমেও ১০ টা হাতী মৃত্যুৰ মুখত পৰিছে।