Local, Vocal, Global

Woman injured in tiger attack : দুলীয়াজানৰ হাতীজান চাহ বাগিচাত বাঘৰ আতংক

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ৰাজ্যত বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (Tiger Roaming in Duliajan) ।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত(Woman injured in tiger attack )।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।

আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ দুলীয়াজানত বাঘৰ সন্ত্ৰাস । বাঘৰ ভয়ত আতংক ৰাইজ(Woman injured in tiger attack ) ।

দুলীয়াজানৰ হাতীজান চাহ বাগিচাত বাঘৰ আতংক।বাঘৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা। আহত মহিলা গৰাকী হাতীজান চাহ বাগিচাৰ ৪নং লাইনৰ বাসন্তী তাঁতী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বাসন্তী তাঁতী নামৰ মহিলাগৰাকীয়ে বাগিচাত পাত তুলি থকা অৱস্থাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আক্ৰমণ কৰে ।বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী । আহত মহিলা গৰাকীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক : Unidentified Miscreants Kill NSCN-IM Deputy Leader in Mon District : নাগালেণ্ডৰ মন জিলাৰ নামচাত গুলীৰে থকা-সৰকা NSCN(IM)ৰ কেডাৰক