Local, Vocal, Global

Guwahati Class 12 Student Allegedly Takes His Life Ahead of CBSE Board Exams : বেলতলা চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰ ১০২ত উদ্ধাৰ DPSৰ ছাত্ৰৰ মৃতদেহ

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ মাজতে মহানগৰীত অঘটন। CBSEৰ পৰীক্ষাৰ প্ৰথম দিনাই চৰম সিদ্ধান্ত ল’লে মহানগৰীৰ এগৰাকী মেধাৱী ছাত্ৰই(Guwahati Class 12 Student Allegedly Takes His Life Ahead of CBSE Board Exams) ।

বেলতলা উদ্ধাৰ হয় DPSৰ ছাত্ৰৰ মৃতদেহ। বৃহস্পতিবাৰে বেলতলা চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰ ১০২ত উদ্ধাৰ হয় DPSৰ ছাত্ৰৰ মৃতদেহ । চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ময়ূৰ গোস্বামী নামৰ ছাত্ৰজনৰ মৃতদেহ ।ময়ূৰ গোস্বামী আছিল অতি মেধাবী ছাত্ৰ। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা AISSEত দেশৰ ভিতৰতে পঞ্চম স্থান পাইছিল ময়ুৰে ।

উল্লেখ্য যে এজন কেয়াৰ টেকাৰৰ সৈতে ফ্লেটত অকলে বাস কৰিছিল ময়ূৰ গোস্বামীয়ে।বৃহস্পতিবাৰে পুৱা শুই উঠি ৰূমৰ দৰ্জা বন্ধ অৱস্থাত দেখা পাইছিল কেয়াৰ টেকাৰে। পিছত এনক্লেভটোৰ নিৰাপত্তাৰক্ষীয়ে দুৱাৰ ভাঙি দেখা পাই ওলমি থকা।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত দিছ্পুৰ আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি GMCHৰ মৰ্গলৈ লৈ যায়।

মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ হৈছে এখন বিশেষ চিঠিও।

কিন্তু কেয়াৰ টেকাৰ সৈতে অকলে থকা মেধাৱী ময়ূৰৰ মৃতদেহ ফ্লেটত উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে(Class 12 student allegedly takes his life in Guwahati ahead of CBSE board exams)।

লগতে পঢ়ক : Woman injured in tiger attack : দুলীয়াজানৰ হাতীজান চাহ বাগিচাত বাঘৰ আতংক