Local, Vocal, Global

Unidentified Miscreants Kill NSCN-IM Deputy Leader in Mon District : নাগালেণ্ডৰ মন জিলাৰ নামচাত গুলীৰে থকা-সৰকা NSCN(IM)ৰ কেডাৰক

নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : নাগালেণ্ডত ভয়ংকৰ ঘটনা। নাগালেণ্ডৰ মন জিলাৰ নামচাত গুলীৰে থকা-সৰকা গা বিদ্ৰোহী উগ্ৰপন্থী সংগঠন নেশ্যনেল ছচিয়েলিষ্ট কাউল্সিল অফ্ নাগালেণ্ড (ইশ্বাক-মুইভা) চমুকৈ NSCN-IM ৰ কেডাৰ(NSCN-IM deputy leader killed by unidentified miscreants in Mon district) ।

ঘটনা বিৱৰণ অনুসৰি মন জিলাৰ নামচাত সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা ।মন জিলাত দুৰ্বৃত্তই গুলীচালনা কৰি হত্যা কৰে NSCN- IM ৰ এজন কেডাৰক । নলাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ খামপাই কন্যাকৰ মৃতদেহ । খামপাই কন্যাকক বুধবাৰে নিশাই গুলীয়াই হত্যা কৰাৰ সন্দেহ । বৰ্তমান খামপাই কন্যাকৰ মৃতদেহ নাগালেণ্ডৰ টিজিত আৰক্ষী থানাত ৰখা হৈছে(Unidentified Miscreants Kill NSCN-IM Deputy Leader in Mon District) ।

উল্লেখযোগ্য যে খামপাই কন্যাকে কিছুবছৰ পূৰ্বে NSCN-K গোটৰ পৰা NSCN-IMত যোগদান কৰিছিল । শেহতীয়া তথ্য অনুসৰি কেডাৰজনে নিজ বাসগৃহত থকাৰ সময়তে ৬ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি তেওঁৰ ওপৰত গুলীচালনা কৰে । চিকিৎসালয়লৈ নিয়াৰ সময়ত NSCN-IM নেতাজনৰ মৃত্যু হয়(NSCN-IM Deputy Leader Assassinated By Unknown Assailants in Nagaland) ।

লগতে পঢ়ক : CCS approves Rs 19,000 cr mega Indian Navy deal for BrahMos missiles : ভাৰতীয় নৌসেনাৰ বাবে ২০০ৰো অধিক ব্ৰহ্ম’ছ মিছাইল অধিগ্ৰহণত অনুমোদন চৰকাৰৰ