যুৱতীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সহায়ক

- ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ কৰা হৈছে।
- দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈক।
- এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত লক্ষীনন্দন গগৈক গ্ৰেপ্তাৰ কৰা হৈছে।
- ইতিমধ্যে গগৈক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
- শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈক 3821/21 under section 376 ,417 ধাৰাত গ্ৰেপ্তাৰ।
- আজি দিছপুৰ আৰক্ষীয়ে জাপৰিগোগৰ পৰা গ্ৰেপ্তাৰ কৰিছে লক্ষীনন্দন গগৈক।
- লক্ষীনন্দন গগৈৰ বিৰুদ্ধে পূৰ্বৰ প্ৰেমিকাক বিয়া পতাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।