Local, Vocal, Global

অৰুণাচল সীমান্তত ভাৰতীয় সেনাই সাজু কৰি ৰাখিছে টেংক, কামান

অৰুণাচল সীমান্তৰ তাৱাঙত চীনৰ সেনাই প্ৰৱেশ কৰাৰ ঘটনাটোৱেই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।অৰুণাচলৰ ওপৰত অনবৰতে লুভীয়া দৃষ্টি নিক্ষেপ কৰি থকা চীনৰ সেনাক প্ৰতিহত কৰিবলৈ এইবাৰ অৰুণাচল সীমান্তত ভাৰতীয় সেনাই সাজু কৰি ৰাখিছে টেংক, কামানকে ধৰি যুদ্ধ ব্যৱহাৰ হোৱা আন বহু যুদ্ধাস্ত্ৰ।অৰুণাচলৰ চীন-ভাৰত সীমান্তত ভাৰতীয় সেনাই মজুত কৰিছে এম-৭৭৭ আলট্ৰা লাইট হাউৎজাৰ।ইয়াৰ জৰিয়তে প্ৰতিপক্ষৰ টেংক নিমিষৰ ভিতৰতে ধ্বংস কৰি পেলাব পৰা যাব।সীমান্তত সাজু কৰি ৰখা হৈছে কাৰ্গিলৰ যুদ্ধত ব্যৱহাৰ হোৱা ব’ফ’ৰ্ছ কামানো। চীন-ভাৰত সীমান্তৰ তাৱাঙত আনকি ভাৰতীয় সেনাই সামৰিক অনুশীলনো আৰম্ভ কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে সীমা বিবাদত জড়িত হৈ পৰিছিল ভাৰত আৰু চীনৰ সেনা বাহিনী। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত হৈছিলচীনৰ সেনাৰ সৈতে ভাৰতীয় সেনাৰ ফেচ-অফ।বাতৰি অনুসৰি, এই ফেচ-অফ কেইবাঘন্টা ধৰি চলে। পাছত প্ৰট’কল অনুসৰি বিবাদ মীমাংসা কৰা হয়। উক্ত সংঘৰ্ষত কোনো হতাহত বা ক্ষতি হোৱা নাই নাছিল।

অৰুণাচল প্ৰদেশৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভাৰতীয় ভূখণ্ডৰ নিকট অঞ্চলত চীনৰ প্ৰায় ২০০ সেনা জোৱান আহি উপস্থিত হৈছিল।ভাৰতীয় সেনাই চীনৰ সেনা দলক সীমান্ত অতিক্ৰম কৰি ভাৰতৰ ভূমিত প্ৰৱেশ কৰাত বাধা দিয়ে। অৱশ্যে দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষ নহৈ আলোচনাৰে বিবাদ নিষ্পত্তি কৰা হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা বছৰ পূব লাডাখত ভাৰত-চীন সেনা সীমান্ত বিবাদত জড়িত হৈ পৰিছিল। সেই সংঘৰ্ষত ভাৰতৰ ২০ সেনাজোৱান শ্বহীদ হোৱাৰ বিপৰীতে চীনৰো প্ৰায় ৪০জন সেনা হতাহত হোৱাৰ খৱৰ পোৱা গৈছিল।

যোৱা ৩০ আগষ্টত চীনৰ সেনাই পুনৰ উত্তৰাখণ্ডৰ সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছিল। ভাৰতীয় সেনা উপস্থিতি হোৱাৰ পূৰ্বে অৱশ্যে তেওঁলোক তাৰ পৰা আঁতৰি গৈছিল।