Woman goes missing with her son : ঔষধ আনিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ
নিউজ ডেস্ক,১৫ এপ্ৰিল : ঔষধ আনিবলৈ গৈ দুবছৰীয়া সন্তান সহ নিৰুদ্দেশ মহিলা । দুদিন ধৰি সন্ধানহীন পুত্ৰসহ পত্নী ।
ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing with her son)।
এইবাৰ ধুবুৰী আৰু গোৱালপাৰা জিলা সীমান্তবৰ্তি তাৰাঙ্গাঝাৰ গাঁৱত সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা । ঔষধ কিনিবলৈ গৈ নিৰুদ্দেশ ইলিজা বেগম নামৰ এগৰাকী বোৱাৰী। ধুবুৰী আৰু গোৱালপাৰা জিলা সীমান্তবৰ্তি তাৰাঙ্গাঝাৰ গাঁৱৰ ইয়াছিন আলীৰ পত্নী ইলিজা বেগম ৫ বছৰীয়া পুত্ৰ সন্তানসহ ২ দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা শনিবাৰে আবেলিৰ ভাগত ইলিজা বেগমে নিজ পুত্ৰক লগত লৈ ঔষধ কিনাৰ কথা কৈ খলিছাভিটা বজাৰলৈ গৈছিল। বজাৰলৈ যোৱাৰ পাছতে দীৰ্ঘসময়ৰ পাছতো ঘৰলৈ ওভতি নহাত স্বামী ইয়াছিন আলীৰ লগতে পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত মহিলাগৰাকীক বিচাৰি সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰস্তুত কৰা পৰলৈ মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। যাৰফলত উপায়ন্তৰ হৈ অৱশেষত ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ(Woman goes missing with her son)।
ইতিমধ্যে মহিলা গৰাকীৰ স্বামীয়ে পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত ফকিৰগঞ্জ থানাত দাখিল কৰিছে এজাহাৰ। যদিহে কোনো লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 78963-03584 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।