Local, Vocal, Global

youth died after falling into Champabati River while bathing : চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

চাপৰ, ১৫ এপ্ৰিল : চাপৰৰ বহলপুৰত মৰ্মান্তিক ঘটনা । চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ ।

মৃত যুৱকজনৰ নাম যোগেশ্বৰ ৰায় বুলি জানিব পৰা গৈছে। ঘৰ বহলপুৰ বৰপাৰা ২য় খণ্ড গাঁৱৰ(youth died after falling into Champabati River while bathing) ।

জানিব পৰা মতে সোমবাৰে বিয়লি ভাগত চম্পাৱতী নৈত গা ধুবলৈ গৈছিল যুৱকজন আৰু তাৰপিছতে সন্ধানহীন হয় যুৱকজন । তাৰ কিছু সময় পিছত নৈত যুৱকজন ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।

স্থানীয় লোকে যুৱকজনক ওপঙি থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ সহায়ত চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ইফালে এই সমগ্ৰ ঘটনাক লৈ ঘটনাই শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি।

লগতে পঢ়ক : Woman goes missing with her son : ঔষধ আনিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ