Local, Vocal, Global

Assamese Community Celebrates Gosai Bihu : গোঁসাই বিহুত ৩৪০ বছৰীয়া পৰম্পৰাৰে উছাহমুখৰ বিশ্বনাথ ঘাট ;ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটত গোঁসাই ফুৰোৱা উৎসৱ

বিশ্বনাথ,১৫ এপ্ৰিল : আজি গোসাঁই বিহু। আজিৰ দিনটোত গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত হয় গোঁসাই ফুৰোৱা উৎসৱ(Assamese Community Celebrates Gosai Bihu)।

এই পৰম্পৰা চলি আহিছে আজিৰ পৰা প্ৰায় ৩৪০ বছৰ পূৰ্বে আহোম যূগৰ পৰা। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় ২৭ খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাঁই বিহুৰ দিনাখন বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ অগণণ ভক্তৰ সমাগম দেখা যায়।

গোসাঁই বিহুৰ দিনটোত বিশ্বনাথ দেৱালয়ৰ পৰা গোসাইক গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ভিৰগাৱত চলি অহা পৰম্পৰা অনুসৰি গোঁসাইক দোলাত বহুৱাই লৈ যোৱা হয় অস্থায়ী উপাসনা স্থলীলৈ আৰু নিশাৰ ভাগত পুনৰ গোসাইক পূৰ্বৰ স্থান অৰ্থাৎ বিশ্বনাথ দেৱালয়লৈ লৈ অনা হয়(Assamese Community Celebrates Gosai Bihu)।

লগতে পঢ়ক : Assam CM directed the chief secretary of state to extend all necessary support to titabor family : তিতাবৰৰ দুৰ্ভগীয়া পৰিয়ালটোক তাৎক্ষণিকভাৱে সঁহাৰি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই