Local, Vocal, Global

বিউটি পাৰ্লাৰলৈ যোৱাত বাধা প্ৰদান কৰাত আত্মহত্যা এগৰাকী মহিলাৰ

ডিজিটেল ডেস্ক:- এক চাঞ্চল্যকৰ ঘটনা।বিউটি পাৰ্লাৰলৈ যোৱাত বাধা প্ৰদান কৰাৰ বাবে আত্মহত্যা এগৰাকী মহিলাৰ।এই চাঞ্চল্যকৰ ঘটনাটো সংঘটি হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰত।সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঘটনাটো এৰোড্ৰম থানা এলেকাত সংঘটিত হৈছে।

ঘটনা অনুসৰি, বলৰাম নামৰ লোকজনৰ পত্নী বিউটি পাৰ্লাৰলৈ যাব বিচাৰিছিল। কিন্তু স্বামীয়ে যাবলৈ বাধা প্ৰদান কৰিছিল। বাধা প্ৰদান কৰাত পত্নীৰ যথেষ্ট খং উঠে আৰু কোঠাৰ দুৱাৰ বন্ধ কৰি কোঠাৰ ভিতৰলৈ সোমাই যায় আৰু আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লয়।

স্বামী বলৰামে আৰক্ষীক জনোৱা অনুসৰি, তেওঁৰ পত্নী ৰীনাই বিউটি পাৰ্লাৰলৈ যোৱাৰ বাবে তেওঁৰ সৈতে কাজিয়া কৰিছিল। তেওঁ যেতিয়া পত্নীক পাৰ্লাৰলৈ যোৱাত বাধা দিলে, তেতিয়া তেওঁ নিজৰ কোঠাৰ ভিতৰলৈ সোমাই যায় আৰু কোঠাৰ দুৱাৰ বন্ধ কৰি এই চৰম সিদ্ধান্ত লয়।

ওচৰ-চুবুৰীয়াই আৰক্ষীক জনোৱা অনুসৰি প্ৰায়েই স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈ থাকে।মহিলাগৰাকীৰ মৃতদেহ লৈ যোৱা হৈছে আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰা হৈছে ।

বৰ্তমান ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে ।