Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব

মেষ- আজি আপোনাৰ শাৰীৰিক অৱস্থা ভালে যাব। ঘৰত কোনো মাঙ্গলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা ।

বৃষ- আজি আপোনাৰ নতুন পদক্ষেপ লোৱাৰ বাবে শুভ দিন। আজি আপুনি কোনোবা বিশেষ মানুহৰ লগ পাব। যিয়ে আপোনাৰ জীৱন সনলি কৰিব পাৰে।

মিথুন-যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব।প্ৰেমে পূৰ্ণতা পাব।

কৰ্কট- দূৰৰ আত্মীয়ৰ পৰা আপুনি আজি ভাল খবৰ পাব। জীৱন সংগীৰ লগত দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। ব্যৱসায়ী সকলে লাভৰ মুখ দেখিব।

সিংহ-প্ৰেম,অৰ্থ,স্বাস্থ্য সকলো ক্ষেত্ৰতে দিনটো ফলপ্ৰসূ হ’ব। হাতলৈ ধন আহিব পাৰে। অবিবাহিত সকলৰ বাবে আশাৰ খবৰ আহিব ।

কন্যা- আজি আপোনাৰ বিনা কাৰণৰ পইচা খৰচ হ’ব।শিক্ষাৰ্থীৰ বিদেশ ভ্ৰমণৰ সুযোগ।

তুলা- আজি যিকোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব।কৌশলেৰে,বুদ্ধি খটুৱাই কাম কৰিব।

বৃশ্চিক-যিকোনো ক্ষেত্ৰতে আপোনাৰ কৰ্তৃত্ব আনে মানি ল’ব। নিজৰ ক্ষমতা আৰু দক্ষতাক লৈ সন্দেহ নকৰিব। প্ৰেমত বাধা আহিব পাৰে।

ধনু- স্বাস্থ্যৰ যত্ন ল’ব। আজি কাকো পইচা ধাৰলৈ নিদিব। পৰিয়ালৰ লোকৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব। ব্যৱসায়ত সাৱধান হ’ব।

মকৰ-যিমান সম্ভৱ নিজকে বিশ্ৰাম দিয়ক, তেতিয়াহে কৰ্মদক্ষতা আৰু বুদ্ধিৰ তীক্ষ্ণতা ঘূৰি আহিব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা।

কুম্ভ- আপোনাৰ স্বাধীনচিতীয়া স্বভাৱে সকলো প্ৰতিবন্ধকতা অতিক্ৰম কৰিব, দিনটো ভালদৰে পাৰ হ’ব। খং পৰিহাৰ কৰক।

মীন- পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ পৰিৱেশ সৃষ্টি কৰিব। হঠাতে কোনো সিদ্ধান্ত নল’ব।আবেগক নিয়ন্ত্ৰণত ৰাখিব।