যৌতুকৰ বাবে বোৱাৰীক গছত বান্ধি অমানৱিয় অত্যাচাৰ

ডিজিটেল ডেস্ক:- লখিমপুৰত এক জঘন্য ঘটনা সংঘটিত হৈছে ।লখিমপুৰত যৌতুকজনিত ঘটনা।এইবাৰ যৌতুকৰ বাবে চিলাপথাৰৰ এগৰাকী বোৱাৰীক স্বামীৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।যৌতুকৰ বাবেই এগৰাকী মহিলাক গছত বান্ধি তালিবানী শাস্তি দিয়াৰ অভিযোগ।এই গুৰুতৰ অভিযোগ নিৰ্যাতিত মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ।
চিলাপথাৰৰ চিলাগাঁৱৰ যুৱতী গৰাকীয়ে ২০২০ চনত লখিমপুৰৰ তাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কাঠৰী চাপৰিলৈ বিয়া হৈছিল। কিন্তু বিয়াৰ কিছুদিনৰ পিছৰে পৰাই মহিলাগৰাকীক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে অকথ্য নিৰ্যাতন চলাই আহিছিল।
যুৱতীগৰাকীৰ পিতৃয়ে যৌতুক দিব নোৱাৰাৰ বাবেই যুৱতীগৰাকীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে স্বামী পৰিয়ালে।এবছৰ পূৰ্বে এই সন্দৰ্ভত ধেমাজী আদালতত গোচৰ তৰিছিল যদিও পিছত স্বামীৰ পৰিয়ালে গোচৰ উঠাই লবলৈ বাধ্য় কৰাইছিল বুলি অভিযোগ কৰিছে যুৱতীগৰাকীয়ে ।
চলিত ৮ তাৰিখে যুৱতীগৰাকীয়ে গোচৰ উঠাই লৈ স্বামীৰ গৃহলৈ যায় কিন্তু গৃহত প্ৰৱেশ কৰিব নিদিয়ে স্বামীৰ পৰিয়ালে।তাৰ বিপৰীতে যুৱতীগৰাকীক গছত বান্ধি লৈ অমানুষিক অত্যাচাৰ চলাই।ঘটনা সন্দৰ্ভত কোনো লোকে আৰক্ষীক খবৰ দিয়াত চাউলধোৱা আৰক্ষীয়ে বান্ধি থোৱা অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে।