Local, Vocal, Global

ATM ব্যৱহাৰকাৰীৰ বাবে সুখবৰ!

আপুনি যদি এটিএম ব্যৱহাৰ কৰে তেন্তে প্ৰায় এটা সমস্যাত ভুগে৷ এটিএমৰ পৰা ধনৰ লেনদেন কৰোতে হঠাতে ট্ৰেনজেকচন ফেইল হৈ যায়৷ আৰু ট্ৰেনজেকচন ফেইল হ’লেও বেংকৰ একাউণ্টৰ পৰা কৰ্তন হয় ধনৰাশি৷ কিন্তু এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই৷ এতিয়াৰে পৰা আপোনাৰ যদি একাউণ্টৰ পৰা ধনৰাশি কৰ্তন হয় তেন্তে আপুনি সেই ধনৰাশি ওভতাই পাব৷ ইতিমধ্যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা৷ গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যেৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এই নতুন প্ৰচেষ্টা৷

যদিহে আপোনাৰ ট্ৰেনজেকচন ফেইল হৈ একাউণ্টৰ পৰা ধনৰাশি কৰ্তন হয় তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি ওভতাই পাব সেই ধনৰাশি৷ ৰিজাৰ্ভ বেংকে কৰ্তন কৰা ধনৰাশি ৫ দিনৰ ভিতৰত ওভতাই দিবলৈ সংশ্লিষ্ট বেংকসমূহক নিৰ্দেশ প্ৰদান কৰিছে৷ আনহাতে এইক্ষেত্ৰত যদি বিসংগতি হয়, তেন্তে গ্ৰাহকক বেংকে দৈনিক ১০০ টকা ক্ষতিপূৰণ দিব লাগিব৷ টুইটযোগে এই ঘোষণা কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷