Amit Shah on Manipur violence : হিংসাৰ দাবানলেৰে জৰ্জৰিত মণিপুৰবাসীক শান্তিৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ, সকলোকে ন্যায়ৰ আশ্বাস
গুৱাহাটী, ২৫ মে,: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলো বিবাদ নিষ্পত্তিৰ লক্ষ্যৰে শীঘ্ৰেই হিংসা জৰ্জৰ মণিপুৰলৈ যাব বুলি উল্লেখ কৰি সকলোকে শান্তি সম্প্ৰিতি বজাই ৰাখিবলৈ আহ্বান জনাই (Union Home Minister Amit Shah on Manipur violence) । “মণিপুৰৰ জনসাধাৰণে শান্তি বৰ্তাই ৰাখক, আলোচনাৰ জৰিয়তে সকলো বিবাদ নিষ্পত্তি কৰ হ’ব ” এইদৰে কলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।
বৃহস্পতিবাৰে কামৰূপ জিলাৰ চাংসাৰিত স্থাপন হ’বলগীয়া ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ দশম ৰাষ্ট্ৰীয় চৌহদৰ আধাৰশিলা স্থাপন কৰি শ্বাহে উত্তৰ-পূবৰ ৰাজ্যখনলৈ গৈ বিবাদ নিষ্পত্তি কৰাত সহায় কৰিব বুলি উল্লেখ কৰে (National Forensic Sciences University foundation) ।
” মই শীঘ্ৰেই মণিপুৰলৈ যাম আৰু ৰাজ্যখনত তিনিদিন থাকিম (Amit Shah will visit Manipur); কিন্তু তাৰ পূৰ্বে দুয়োটা গোটে নিজৰ মাজত থকা অবিশ্বাস আৰু সন্দেহবোৰ আঁতৰ কৰি ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাতো নিশ্চিত কৰিব লাগিব । শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হোৱা সংঘৰ্ষত ক্ষতিগ্ৰস্ত সকলোকে ন্যায় প্ৰদান কৰাটো কেন্দ্ৰই নিশ্চিত কৰিব, কিন্তু ৰাজ্যখনত শান্তি নিশ্চিত কৰিবলৈ জনসাধাৰণে আলোচনাত বঢ়িব লাগিব” এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে তিনিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অসম ভ্ৰমণলৈ আহিছে অমিত শ্বাহ (Amit Shah Assam visit) । ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে যোৱা ১১ মে’ত অসম ভ্ৰমণ কৰাৰ কথা আছিল যদিও মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ বাবে সেই কাৰ্যসূচী স্থগিত ৰাখিছিল (Completion of two years of Himanta Biswa Sarma led BJP government)।
প্ৰায় এমাহ ধৰি একাধিক সমস্যাৰে জৰ্জৰিত মণিপুৰ জনগোষ্ঠীয় সংঘাতৰ ফলত ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে । উত্তৰ-পূবৰ এই ৰাজ্যখনত অজনজাতীয় মেইটেই আৰু জনজাতীয় কুকি সম্প্ৰদায়ৰ লোকসকলৰ মাজত জাতিগত সংঘৰ্ষৰ সৃষ্টি হৈ বৰ্তমানেও পৰস্থিতি উত্তপ্ত হৈ আছে (Ethnic clash between non tribal Meitei and tribal Kuki people) ।
এই হিংসাৰ ফলত কমেও ৬০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২৩০ গৰাকী লোক আহত হৈছে (Manipur violence killed at least 60 people) । কোটি কোটি টকা মূল্যৰ সম্পত্তি নষ্ট হোৱাৰ লগতে সহস্ৰাধিক লোকে ঘৰ এৰি চৰকাৰী আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহ কৰিবলগা হৈছে । ইফালে কংগ্ৰেছৰ দাবী, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ততাতৈয়াকৈ এখন বৈঠক আহ্বান কৰি যুদ্ধংদেহী মেইটি আৰু কুকি সম্প্ৰদায়ৰ লোকসকলৰ মাজত আলোচনা আৰম্ভ কৰক (Open dialogue between the warring Meitis and Kukis) ।
লগতে পঢ়ক: Assam Government Recruitment Ceremony : আজি ৪৪,৭০৩ পাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ