Local, Vocal, Global

Nitin Gadkari Threat Probe: নীতিন গাডকাৰীক ভাবুকি, তদন্ত কৰিব NIAৰ দলে

নেশ্যনেল ডেস্ক, ২৫ মে,: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক(Union Road Transport and Highways Minister Nitin Gadkari)দিয়া ভাবুকিৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (National Investigation Agency)। গাডকাৰীক দিয়া ভাবুকিৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তক জেৰা কৰিবলৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে নাগপুৰত NIAৰ এটা দল উপস্থিত হোৱাৰ কথা (NIA Team at Nagpur) ।

সূত্ৰৰ পৰা জানিব পৰা মতে, পূৰ্বৰ হত্যাৰ গোচৰত অভিযুক্ত জয়েশ পূজাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীজনক ফোনযোগে ভাবুকিৰ দিয়াৰ অভিযোগ উত্থাপন হৈছিল (Threat calls to the Union minister) । ইয়াৰ পিছতে কৰ্ণাটকৰ বেলগাভি কাৰাগাৰৰ পৰা নাগপুৰ আৰক্ষীয়ে পূজাৰীক গ্ৰেপ্তাৰ কৰে (Belgavi Jail in Karnataka) । ইতিমধ্যে অভিযুক্তজনৰ বিৰুদ্ধে বে আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

এই গোচৰটোৰ সন্দৰ্ভত NIA ই তদন্ত আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে য়োৱা ৯ মে’ত এন আই এৰ এটা দলে গাডকাৰীৰ নাগপুৰস্থিত কাৰ্যালয়ত উপস্থিত হৈছিল আৰম্ভ কৰিছিল তদন্ত । সূত্ৰৰ পৰা জানিব পৰা মতে আজি নিয়াৰ দলটো আজি পুনৰ উপস্থিত হ’ব নাগপুৰত । দলটোৱে অভিযুক্ত পূজাৰীক জিম্মাত লোৱাৰ সম্ভাৱনাৰ কথাও সূত্ৰত প্ৰকাশ ।

জানিব পৰা মতে, নাগপুৰত উপস্থিত হোৱাৰ পাছত NIA ৰ দলটোৱে এই গোচৰৰ সৈতে জড়িত সকলো নথি-পত্ৰ আৰক্ষীৰ পৰা সংগ্ৰহ কৰি বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিব । বৰ্তমান নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰতে আছে অভিযুক্ত জয়েশ পূজাৰী ।

উল্লেখ্য যে, ২০২৩ চনৰ জানুৱাৰী আৰু মাৰ্চ মাহত গাডকাৰীৰ নাগপুৰস্থিত কাৰ্যালয়ৰ লেণ্ডলাইন নম্বৰত দুটাকৈ ফোন কল আহিছিল । কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে সেই ফোন ৰিচিভ কৰিছিল, য’ত ফোন কৰাজনে গাডকাৰীৰ লগত কথা পাতিব বিচাৰিছিল আৰু ফোনযোগে ভাবুকি প্ৰদান কৰি ১১০ কোটি টকা দাবী কৰিছিল ।

নাগপুৰ আৰক্ষীয়ে অনুসন্ধানৰ লগতে সেই ফোন কলবোৰৰ ট্ৰেচিং কৰি গম পায় যে এইয়া কোনো সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত এজন অভিযুক্ত হত্যাকাৰীয়ে ফোন কৰিছিল । পৰৱৰ্তী সময়ত অভিযান চলাই আৰক্ষীয়ে জয়েশ পূজাৰীক গ্ৰেপ্তাৰ কৰিছিল । জানিব পৰা মতে, গাডকাৰীৰ নাগপুৰৰ কাৰ্যালয়ৰ বাহিৰেও দিল্লীৰ কাৰ্যালয়লৈ একেধৰণৰ ফোন আহিছিল । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক(Delhi office) অৱগত কৰা হৈছিল ।

লগতে পঢ়ক :New Parliament row: ৰাষ্ট্ৰপতি মূৰ্মুৰ দ্বাৰা সংসদ ভৱন উদ্বোধনৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত পিআইএল