Local, Vocal, Global

গোৱালপাৰাৰ ধূপধৰাৰ শালনিৰ পথত বনৰীয়া হাতীৰ আক্ৰমণ…

ডিজিটেল ডেস্ক:- গোৱালপাৰাৰ ধূপধৰাৰ শালনিৰ পথত বনৰীয়া হাতীৰ আক্ৰমণ ।ই-ৰিক্সাত আক্ৰমণ বনৰীয়া হাতীৰ৷ধূপধৰাৰ শালনিৰ মাজেৰে যোৱা খেকাপাৰা-আমবাৰী পথত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো৷ হাতীয়ে আক্ৰমণ কৰি বগৰাই দিয়ে ই-ৰিক্সা৷ই-ৰিক্সা বগৰাই ভাঙি তচনচ কৰে হাতীটোৱে৷

খেকাপাৰা গাঁৱৰ শংকৰ নাথ নামৰ লোকজনে নিজৰ ই-ৰিক্সাখনেৰে ধূপধৰা দিশৰ পৰা খেকাপাৰা অভিমুখে গৈ থাকোঁতে শালনীঝাৰৰ পৰা এটা হাতী হঠাতে পথলৈ ওলাই আহে আৰু ই-ৰিক্সাসহ চালকজনক কাষতে পাই ই-ৰিক্সাখনত আক্ৰমন কৰে।

ই-ৰিক্সা চালক শংকৰ নাথ আৰোহীয়ে কথমপি দৌৰি পলায়ন কৰে যদিও হাতীটোৱে ই-ৰিক্সাখনতে আক্ৰমণ কৰে৷ই-ৰিক্সাৰ পৰা কথমপি দৌৰি চালক আৰু আৰোহীয়ে প্ৰাণ ৰক্ষা কৰে যদিও হাতীৰ আক্ৰমণত ই-ৰিক্সাখন তচনচ হয়৷ ভাঙি-চিঙি লণ্ড-ভণ্ড কৰে ই-ৰিক্সাখন৷