Local, Vocal, Global

প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS

ডিজিটেল ডেস্ক:- আজি অসমত ১৪ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত চাংসাৰি AIIMS মুকলি কৰিলে। সৰ্বভাৰতীয় দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে AIIMSৰ মুকলি অনুষ্ঠানত ৩,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেইবোৰ দেশলৈ বুলি উৎসৰ্গা কৰিলে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। ২০১৭ চনত এই প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল নৰেন্দ্ৰ মোদীয়ে। আজি গৰু বিহুৰ দিনা অসমবাসীক AIIMSখন উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীস্থিত এইমছৰ কাৰ্যকৰীকৰণে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত হ’ব।

উল্লেখযোগ্য যে ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত এইমছ ৩০ খন আয়ুষ বিচনাসহ ৭৫০ খন বিচনাযুক্ত এক অত্যাধুনিক চিকিৎসালয়।। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলী মুকলি কৰিলে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়। নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও মেডিকেল কলেজ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।