Local, Vocal, Global

Wild elephanat death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

মাৰ্ঘেৰিটা, ১৩জুন : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।

মাৰ্ঘেৰিটা খামনপথাতৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু (Wild elephanat death in Margherita)।জানিব পৰা মতে খাদ্যৰ সন্ধানত নিশা জনাঞ্চলললৈ ওলাই আহিছিল হাতীটো। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলিত মাৰ্ঘেৰিটা বন বিভাগৰ লোক উপস্থিত হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে , ইয়াৰ পূৰ্বেও মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন অঞ্চলত কেইবাটাও বনৰীয়া হাতীয়ে অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল। ।কিন্তু তাৰ পিছতে খবৰ নাই বন বিভাগৰ। কুম্ভ নিদ্ৰাত বন বিভাগ।এয়াই নেকি ৰাজ্যৰ বিয়াগোম বন বিভাগৰ ফোঁপোলা স্বৰূপ।

শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগৰ ।

লগতে পঢ়ক : Guwahati Water pipe explosion : পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ