Local, Vocal, Global

Guwahati Water pipe explosion : পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ

গুৱাহাটী,১৩জুন : মঙলবাৰে পুৱাই ৫ বজাত মন্ত্ৰী অশোক সিংঘালৰ চাডেন ভিজিট । খাৰঘুলিস্থিত জাইকাৰ প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ ৷ কিন্তু সেই সময়ত প্ৰকল্পত উপস্থিত নাছিল Operation & maintenanceৰ কামত নিয়োজিত কোনো কৰ্মচাৰী ৷ যাৰ বাবে ক্ষুদ্ধ হা পৰে মন্ত্ৰীগৰাকী। কৰ্তব্যত গাফিলতি কৰা অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলবৰ্ডক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷

ইয়াৰ পিছতে ৰাজগড়ৰ পাইপ বিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্রীগৰাকীৰ।ক্ষতিগ্রস্ত পাইপলাইনৰ মেৰামতিৰ কাম-কাজৰ অগ্রগতিৰ পৰ্যবেক্ষণ।মেৰামতিৰ কাম অতি শীঘ্রে সম্পন্ন কৰিবলৈ বিষয়ববীয়াক নিৰ্দেশ। মেৰামতিৰ কাম শীঘ্ৰে শেষ কৰি ৰাইজক সকাহ দিবলৈ বিষয়াববীয়াক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীৰে।

উল্লেখ্য যে সোমবাৰে পুনৰ মহানগৰৰ ৰাজগড় –কমাৰ্চ কলেজ সংযোগী লিংক ৰ’ডত জাইকাই সৃষ্টি কৰিছে সন্ত্ৰাস((water pipe explosion))।জাইকাৰ পাইপ ফাটি কেইবাটাও বাসগৃহত পানী সোমায় , ঘৰৰ সম্পত্তি নষ্ট হোৱাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানৰো ব্যাপক ক্ষতি কৰে ।ৰাজগড় – কমাৰ্চ কলেজ সংযোগী লিংক ৰ’ডত একাঠু পৰ্যন্ত পানী হয় ।

ইয়াৰ পিছতে সোমবাৰে সংঘটিত হোৱা গুৱাহাটীৰ ৰাজগড় আৰু গুৱাহাটী কমাৰ্চ কলেজ সংযোগী পথত পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী জল বৰ্ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় ৷ ঘটনা সন্দৰ্ভত মন্ত্ৰী সিংহলে মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি সবিশেষ আলোচনা কৰে ৷

ইয়াৰ পাচতেই নিজৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কিছুদিনৰ ভিতৰতে মহানগৰীৰ পানীযোগান আঁচনি ৰূপায়ণত সংঘটিত দুটাকৈ দুৰ্ঘটনাত তেওঁ অতিশয় উদ্বিগ্ন ৷ এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ ৷

প্ৰায় ১৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই প্ৰকল্পৰ খোৱাপানীৰ পাইপসমূহ বহুবছৰৰ আগতেই পোতা হৈছিল আৰু সেই কামত জড়িত অভিযন্তা-ঠিকাদাৰ আদি কোনোৱেই আজিৰ তাৰিখত কৰ্মৰত নহয় ৷ তথাপিও বিভাগীয় মন্ত্ৰী হিচাবে তেওঁ এই ঘটনাৰ দায়িত্ব এৰাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ দুৰ্ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব((water pipe explosion)) ৷

ইয়াৰ লগতে খাৰঘূলিত সংঘটিত হোৱা ঘটনাৰো পূৰ্ণ গতিত উচ্চ পৰ্যায়ৰ তদন্ত-প্ৰক্ৰিয়া চলি থকাৰ কথা উল্লেখ কৰি কয় যে , সেই ঘটনাৰ তদন্তৰ প্ৰাথমিক প্ৰতিবেদন ইতিমধ্যেই লাভ কৰা হৈছে আৰু অতি সোনকালেই তাৰ চূড়ান্ত প্ৰতিবেদন লাভ কৰা যাব ৷ ভৱিষ্যতে যাতে আকৌ এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় সেয়া সুনিশ্চিত কৰাই এই মুহূৰ্তত চৰকাৰৰ প্ৰাথমিক গুৰুত্ব বুলিও তেওঁ কয় ৷

আনহাতে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডক দায়িত্ব অৰ্পণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। আৰু তেওঁ কয় যে তিনিদিনৰ ভিতৰত এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব ৷

তদন্তৰ সময়ত প্ৰকল্পৰ ডিপিআৰ অনুসৰি সুৰক্ষা পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছিলনে নাই সেয়াও অনুসন্ধান কৰা হ’ব বুলি জানিবলৈ দি মন্ত্ৰী সিংহলে কয় যে সোমবাৰৰ পৰা মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ পুনৰবাৰ হাইড্ৰ’টেষ্টিং কৰা হ’ব ৷ ৰাইজৰ অসুবিধা নোহোৱাকৈ এই সময়ছোৱাত কম চাপত পানীযোগান অব্যহত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

আনহাতে আই আই টি, গুৱাহাটীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত কৰ্মৰত বিশেষজ্ঞ কাৰিকৰী গোটকো মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ সুৰক্ষা পৰীক্ষণৰ বাবে তৎকালে নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Daily Horoscope for 13th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল