Local, Vocal, Global

Assam Weather : আজি ৰাজ্যখনৰ বেছিভাগ ঠাইতে গোটেই দিনটো বৰষুণ দিয়াৰ সম্ভাৱনা আছে , ৰাজ্যৰ কোন কোন ঠাইত বতৰ কেনেকুৱা হ’ব ?

নিউজ ডেস্ক, ১৩ জুন : আজি ৰাজ্যখনৰ বেছিভাগ ঠাইতে গোটেই দিনটো বৰষুণ দিব যদিও কোনো কোনো ঠাইত দিনৰ ভাগত অলপ ৰ’দও দেখা পোৱা যাব (heavy rain)। কিছু দিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণে দেখা দিছে যদিও মাজে মাজে গৰম পৰা পৰিলক্ষিত হৈছে । বিগত কিছুদিনৰ বাবে গৰমে কিছু আমনি কৰিছিল যদিও ৰাতিলৈ ৰাজ্যখনৰ কোনো কোনো ঠাইত কিছু পৰিমাণে বৰষুণ হোৱা দেখা গৈছে । সোমবাৰৰ দৰে আজিৰ দিনটোতো কিছু ঠাইত বতৰ প্ৰায় একে থকাৰ সম্ভাৱনা আছে (Heavy rains expected in state) । আজি ৰাজ্যখনৰ বেছিভাগ ঠাইত গোটেই দিনটো বৰষুণ দিব যদিও কোনো কোনো ঠাইত দিনৰ ভাগত অলপ ৰ’দও দেখা পোৱা যাব (Districtwise Weather Forecast for Assam) ।

মঙলবাৰে গুৱাহাটীত বৰষুণৰ সম্ভাৱনা অধিক । দিনৰ ভাগত ৯৮ শতাংশ বৰষুণৰ দিয়াৰ সম্ভাৱনা আছে । দিনটো বতৰ কিছু সেমেকা থাকিব আৰু ডাৱৰে আৱৰি থাকিব সমগ্ৰ চহৰ। দিনটোৰ সৰ্বোচ্চ তাপমান ৩২ ডিগ্ৰী হোৱাৰ বিপৰীতে সৰ্বনিম্ন তাপমান ২৫ ডিগ্ৰী হ’ব । ৰাতিৰ ভাগতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে তেজপুৰত মঙলবাৰে বতৰ ডাৱৰীয়া হ’ব পাৰে । দিনৰ ভাগত ৯৮ শতাংশ বৰষুণৰ সম্ভাৱনা আছে । আজিৰ সৰ্বোচ্চ তাপমান ৩২ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমান ২৫ ডিগ্ৰী হ’ব । ৰাতিৰ সময়ত ৬৯ শতাংশ বৰষুণৰ সম্ভাৱনা আছে ।

ইফালে শিৱসাগৰত বতৰ কিছু সেমেকা হ’ব । ৰ’দ দিব যদিও বতৰ কিছু ডাৱৰীয়াও থাকিব। দিনটোৰ সৰ্বোচ্চ তাপমান ৩১ ডিগ্ৰী হোৱাৰ লগতে সৰ্বনিম্ন তাপমান ২৪ ডিগ্ৰী হ’ব । সন্ধিয়াৰ ভাগত অত্যাধিক বৰষুণ দিব পাৰে লগতে বজ্ৰপাতো পৰাৰ সম্ভাৱনা আছে । বৰষুণৰ সম্ভাৱনা দিনৰ ভাগত ৯০ শতাংশ আৰু ৰাতিৰ ভাগত ১০০ শতাংশ।

আজি যোৰহাটতো বতৰ প্ৰায় ডাৱৰীয়া হ’ব। আজি সৰ্বোচ্চ তাপমান ৩২ ডিগ্ৰী হ’ব যদিও দিনত ৯০ শতাংশ বৰষুণৰ সম্ভাৱনা আছে বাবে গৰমৰ পৰা মানুহে সকাহ পাব। সন্ধিয়াৰ পৰা প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে আৰু পিছলৈ ইয়াৰ কোনো কোনো অঞ্চলত বজ্ৰপাতো পৰাৰ সম্ভাৱনা আছে। বৰষুণৰ সম্ভাৱনা ৰাতিলৈ ৯৯ শতাংশ হ’ব। সৰ্বনিম্ন তাপমান আজি চহৰখনত ২৪ ডিগ্ৰী হ’ব।

ডিব্ৰুগড়ত আজি বৰষুণৰ সম্ভাৱনা অত্যাধিক। গোটেই দিনটো চহৰখনৰ সকলো অঞ্চলতে ১০০ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি বতৰ ডাৱৰীয়া হৈ থাকিব। দিনটোৰ শেষলৈ ইয়াৰ কিছু ঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে । আজি সৰ্বোচ্চ তাপমান ৩০ ডিগ্ৰী হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২৩ ডিগ্ৰী হ’ব।

আজি শিলচৰত বতৰ দিনটো সলনি হৈ থাকিব। চহৰখনৰ কোনো কোনো অঞ্চলত দিনটোত বৰষুণ আৰু বতাহ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। য’ত বৰষুণৰ সম্ভাৱনা দিনৰ ভাগত ৫৫ শতাংশ, আকৌ ৰাতিৰ ভাগত ৯৭ শতাংশই বৰষুণৰ সম্ভাৱনা আছে। মঙলবাৰে সৰ্বোচ্চ তাপমান ৩১ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমান ২৫ ডিগ্ৰী থাকিব।

মঙলবাৰৰ পৰা তিনি দিন অত্যধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাছাৰ আৰু ডিমা হাছাও জিলাত ৷ এই সকীয়নি দিছে বতৰ বিজ্ঞান বিভাগে । কমলা ৰঙৰ সতৰ্কতাও জাৰি কৰা হৈছে ।

কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত কোনো বিপদ নাই বুলি বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাসত প্ৰকাশ পাইছে ।

মঙলবাৰে বতৰ সেমেকা তথা ডাৱৰীয়া হ’ব। দিনটোত কিছু গৰম পৰিব যদিও পিছলৈ মানুহে বৰষুণৰ বাবে গৰমৰ পৰা পৰিত্ৰাণ পাব। দিনটোৰ বেছিখিনি সময় বতৰ ডাৱৰীয়া হ’ব যদিও আজি সৰ্বোচ্চ তাপমান ৩২ ডিগ্ৰী হ’ব। আনহাতে, সৰ্বনিম্ন তাপমান ২৬ ডিগ্ৰী হ’ব। দিনৰ ভাগত য’ত ৯০ শতাংশ বৰষুণ দিব পাৰে, আকৌ ৰাতিলৈ ইয়াৰ হাৰ ৯৮ শতাংশ হ’ব পাৰে।

উত্তৰ লখিমপুৰত আজি বোছিভাগ সময় বতৰ ডাৱৰীয়া থাকিব। বৰষুণৰ সম্ভাৱনা দিনৰ সময়ত ৮৮ শতাংশ আৰু ৰাতিৰ ভাগত ৯৫ শতাংশ আছে। চহৰখনৰ কোনো কোনো অঞ্চলত বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে। সৰ্বোচ্চ তাপমান ৩০ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী হ’ব পাৰে।

লগতে পঢ়ক : Guwahati Water pipe explosion : পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ