Watch | Widespread corruption in the implementation of the Arunoday scheme in Balapara village of GosaiGaon: গোসাইগাঁৱৰ বালাপাৰা গাৱঁত অৰুণোদয় আঁচনি ৰূপায়নত ব্য়াপক দুর্নীতি

গোসাইগাঁও: বিজেপি নেতা আলীয়াৰা বেগম লগতে বালাপাৰা গাৱঁৰ গাওঁবুড়া ছানোয়াৰ হোসেন নামিছে EM সজল কুমাৰ শিঙৰ নাম লৈ অৰুণোদয় আঁচনি ৰূপায়নৰ নামত ধন সংগ্রহত ।
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তর্গত গুমা সমষ্টিৰ বালাপাৰাত অৰুণোদয় আঁচনি যেন এতিয়া একাংশ বিজেপি কৰ্মীৰ বাবে টকা ঘটা মেচিন। ৫০০ৰ পৰা ১০০০ টকা দিলে হে নাম অন্তর্ভুক্ত কৰে বিজেপি মহিলা কর্মী আলীয়াৰা বেগম আৰু ছানোয়াৰ হোসেনে।
অৰুণোদয় আচঁনিত নাম অন্তর্ভূক্ত কৰিবলৈ আলীয়াৰা বেগম গাওঁবুঢ়া ছানোয়াৰ হোসেন লাগে ৫০০ৰ ১০০০ কৈ টকা । হিতাধীকাৰিয়ে প্ৰশ্ন কৰিলে কয়-” যে আমাৰ EM সজল কুমাৰ সিংহ ছাৰে পইচা লবলৈ কৈছে,
আৰু অৰুণোদয় ললে BJPক ভোট দিব লাগিব “।
৫০০ টকা দিব নোৱাৰাৰ বাবে যোগ্য হিতাধীকাৰীৰ নাম কর্তন আৰু টকা দিলে নাম অন্তর্ভুক্ত কৰাৰ অভিযোগ এতিয়া গাৱঁৰ ৰাইজৰ
যাৰ বাবে আজি গোসাইগাঁওৰ বালাপাৰাৰ ৰাইজে ৰাজপথলৈ ওলাই আহিছে আৰু সঠিক তদন্ত কৰি বাচনি কমিটিত থকা পৰিয়ালত অন্তর্ভূক্ত হোৱা প্রায় লোকৰ নাম কর্তন কৰি যোগ্য হিতাধীকাৰীৰ নাম অন্তর্ভূক্ত কৰিবলৈ দাবী জনাইছে ।