Local, Vocal, Global

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কিয়? দেশৰ আটাইতকৈ কম শিক্ষিত প্ৰধানমন্ত্ৰী কোন?

ডিজিটেল ডেস্ক:- দেশৰ প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ আৰম্ভ হৈছে বিতৰ্ক। কিন্তু তাৰ মাজতে আমি ইয়াকো জানি থব লাগিব যে এদিনো স্কুল নোযোৱাকৈ অৰ্থাত কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ভাৰতৰ দৰে এখন বিশাল ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৬ বছৰ অধিষ্ঠিত আছিল কোন। তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰশ্ন উত্থাপিত হোৱা নাই কিয়। ভাৰতৰ সাম্প্ৰতিক ৰাজনীতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ চলিব লাগিছে তীব্ৰ বিতৰ্ক। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কত অলপতে সন্দেহ আৰু প্ৰশ্ন উত্থাপন কৰিছিল আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবুলিও মতপ্ৰকাশ কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণীলৈ পঢ়া বা তাতকৈ অধিক নহয়। একেদৰে আন এগৰাকী ৰাজনীতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈয়ো প্ৰশ্ন কৰাৰ বাবে আদালতে তেওঁক ২৫ হাজাৰ টকাৰ জৰিমনাও বিহিছে। কিন্তু এইখিনিতে প্ৰশ্ন উদয় হয় দেশৰ নাগৰিকে প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতা জানিব বিচৰাটো অপৰাধ নেকি। দেশৰ মুৰব্বীগৰাকীৰ বিষয়ে জানিব বিচাৰিলে কোনো নাগৰিকক অপৰাধী হিচাপে গণ্য কৰা হব নেকি। সাম্প্ৰতিক সময়ত এইবোৰ প্ৰশ্নয়ো দোলা দিছে দেশৰ নাগৰিকৰ মাজত। কিন্তু কিয়। তাৰ বিপৰীতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতাক লৈ কোনোদিনে হোৱা নাছিল বিতৰ্ক। আনকি দেশৰ আটাইতকৈ কম শিক্ষিত অৰ্থাত কম আনুষ্ঠানিক শিক্ষা থকা প্ৰধানমন্ত্ৰীগৰাকীয়েও কিন্তু তেওঁৰ শিক্ষাগত অৰ্হতাৰ তথ্য দেশবাসীৰ সন্মুখত ৰাজহুৱা কৰিবলৈ তিলমানো কুণ্ঠাবোধ কৰা নাছিল। একে সময়তে আমি চাওঁ আহক দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতা কি আছিল।
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে বিখ্যাত টিনিটি কলেজৰ পৰা প্ৰাকৃতিক বিজ্ঞানত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু ইতিহাসত পৃথকে পৃথকে তিনিটাকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। এই তথ্য দেশবাসীৰ অবিদিত নহয়। তেনেস্থলত বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেতবোৰ কথা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰিছে কিয়।
দেশৰ আন দুগৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী আৰু গুলজাৰিলাল নন্দৰ শিক্ষাগত অৰ্হতাও দেশবাসীৰ অবিদিত নহয়। দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে দৰ্শন শাস্ত্ৰত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী গুলজাৰিলাল নন্দ এলাহাবাদ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত অধ্যাপক আছিল। আৰু তেওঁ অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত দেশত দীৰ্ঘ সময়ৰ বাবে প্ৰধানমন্ত্ৰী পদত আছিল ইন্দিৰা গান্ধী। কিন্তু এইগৰাকী প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা আছিল কিমান।
ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাই হয়তো আপোনালোকক স্তম্ভিত কৰি তুলিব পাৰে। কিয়নো দুটাকৈ কাৰ্যকালত ১৬ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত থকা ইন্দিৰা গান্ধীৰ বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁৰ প্ৰাথমিক শিক্ষা ঘৰতে লাভ কৰিছিল যদিও ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰিবলৈ কলিকতাত অৱস্থিত বিশ্বভাৰতী অৰ্থাত শান্তি নিকেতনত নামভৰ্তি কৰিছিল। আৰু শান্তি নিকেতনত মহাত্মা গান্ধীৰ সংস্পৰ্শত তেওঁ ভাৰত স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ পৰিছিল। আৰু সেইবাবে অসমাপ্ত হৈ ৰৈছিল আনুষ্ঠানিক শিক্ষাৰ প্ৰক্ৰিয়া। পৰৱৰ্তী সময়ত দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা বিভাগৰ অধীনত সমাজবিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। কিন্তু সেই শিক্ষাও সমাপ্ত নহল। অৰ্থাত অক্সফৰ্ড বিশ্ববিদ্য়ালয়তো অসমাপ্ত হৈ ৰয় ইন্দিৰা গান্ধীৰ আনুষ্ঠানিক শিক্ষা। কিন্তু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ শিক্ষাগত অৰ্হতাৰ তথ্য ৰাজহুৱা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আনকি তেওঁ সংবাদপত্ৰত লিখা প্ৰৱন্ধত নিজেই উল্লেখ কৰিছিল যে আনুষ্ঠানিক শিক্ষা তেওঁ গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু ততস্বত্বেও এইগৰাকী নেত্ৰীৰ ৰাজনৈতিক দক্ষতা আৰু বিচক্ষণতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ ভূমিকা বহু গুৰুত্বপূৰ্ণ আছিল।

আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ শিক্ষাগত অৰ্হতাই হয়তো আটাইতকৈ কম আছিল। প্ৰাপ্ত তথ্য অনুসৰি স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছতে দেশৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। তেওঁৰ আনুষ্ঠানিক শিক্ষা কিছু কম আছিল যদিও তেওঁৰ দক্ষতা, নেতৃত্ব আৰু ব্যক্তিত্বৰ বাবেই হয়তো শিক্ষাগত অৰ্হতাক লৈ দেশত কোনো বিতৰ্ক হোৱা নাছিল। কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ বিতৰ্ক চলিছে কিয়।

দেশৰ আন এগৰাকী বিচক্ষণ ৰাজনীতিক তথা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ শিক্ষাগত অৰ্হতাক লৈয়ো সৃষ্টি হোৱা নাছিল কোনো বিতৰ্ক। এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে অৰ্থনীতি আৰু দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ লগতে বিমান পৰিবহণ আৰু পৰিচালনা বিষয়ত ডিপ্লমা লাভ কৰি বিমান চালনাৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কমাৰ্চিয়েল পাইলটৰ লাইচেন্সো যোগ্যতাসহকাৰে আয়ত্ত কৰিছিল। এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈয়ো আজিপৰ্যন্ত বিতৰ্কৰ সৃষ্টি হোৱা নাই। কিন্তু তেনেস্থলত দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা হিন্দুত্ববাদী সোপন্থী ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী নেতা হিচাপে স্বীকৃত নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ আজি প্ৰশ্ন উঠিছে কিয়। যিগৰাকী নেতাই একেৰাহে দীৰ্ঘসময়ৰ বাবে ভাষণ দি জনতাক মোহাচ্ছন্ন কৰি ৰাখিব পাৰে, যিগৰাকী নেতাৰ আহ্বানত আজি তথ্য প্ৰযুক্তিবিদ্যাৰ যুগতো মাৰাত্মক ভাইৰাছ খেদিবলৈ দেশৰ কোটি কোটি লোকে কাঁহি-বাতি বজাবলৈ কুণ্ঠাবোধ নকৰে সেইগৰাকী নেতাৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন উঠিছে কিয়। বিৰোধীপক্ষৰ বহু নেতাই প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ তুচ্ছ-তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়। তাৰ বিপৰীতে কেৱল মাত্ৰ স্কুলীয়া শিক্ষা থকা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ শিক্ষাগত অৰ্হতাক লৈয়ো আজিপৰ্যন্ত দেশত সৃষ্টি হোৱা নাই কোনো বিতৰ্ক। আৰু সেইবাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ সৃষ্টি হোৱা বিতৰ্কই আজি হয়তো প্ৰতিগৰাকী সুনাগৰিককে কিছু হলেও উদ্বিগ্ন কৰি তুলিছে। অৱশ্যে আগন্তুক সময়ছোৱাত হয়তো এই বিতৰ্কৰো পৰিসমাপ্তি ঘটিব।