Local, Vocal, Global

পুনৰ কাঠফুলা খাই অসুস্থ এটা পৰিয়ালৰ চাৰিজন লোক…

ডিজিটেল ডেস্ক:- গোলাঘাটৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে।পুনৰ কাঠফুলা খাই অসুস্থ এটা পৰিয়ালৰ চাৰিজন লোক।এইবাৰ গোলাঘাট জিলাৰ খুমটাইত কাঠফুলা খায় এটা পৰিয়ালৰ চাৰিজনকৈ লোক অসুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু হয়।অভিযোগ অনুসৰি খুমটাই চাহ বাগিচাত সজাগতাৰ অভাৱৰ বাবে এনে ঘটনা সংঘটিত হয়।কাঠফুলা খাই মৃত্যু হোৱা লোকজন বিক্ৰম কুমাৰ বুলি জানিব পৰা গৈছে।পৰিয়ালৰ লোকে জানিব দিয়া মতে,কাঠফুলা খোৱাৰ কথা স্বীকাৰ নকৰাৰ বাবেই চিকিৎসাৰ অভাৱত মৃত্যু হয় লোকজনৰ।ঘটনাৰ পিছতে তাৎক্ষণিৰভাৱে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে খুমটাই চাহ বাগিচাৰ কৰ্তৃপক্ষই।বনৰীয়া কাঠফুলা খোৱা ঘটনাক লৈ চিন্তিত হৈ পৰিছে খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষ। মঙলবাৰে পুৱাৰে পৰা খুমটাই বিস্তাৰ্ণ এলেকাজুৰি ঠায়ে ঠায়ে পোষ্টাৰ আৰি সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষই।