Local, Vocal, Global

পুষ্টিৰে ভৰা ৰঙালাউৰ লগতে ৰঙালাউৰ গুটিৰো আছে স্বাস্থ্যসন্মত গুণ…

ডিজিটেল ডেস্ক:- শাক পাচলিৰ ভিতৰত স্বাস্থ্যসন্মত তথা অতি সুস্বাদু এবিধ পাচলি হল ৰঙালাউ।ৰঙালাও বহুতৰে প্ৰিয়।ৰঙালাউ এনে এবিধ পাচলি যাক বেয়া পোৱা মানুহৰ সংখ্যা যথেষ্ট কমেই হ’ব।
পুৰণি কালৰে পৰা পাচলি হিচাপে ৰঙালাউৰ ব্যৱহাৰ তথা খেতি কৰি অহা দেখা গৈছে। ৰঙালাউৰ জনপ্ৰিয়তাৰ কাৰণ হ’ল ইয়াৰ খাদ্যমুল, উপকাৰিতা, সোৱাদ, সুন্দৰ ৰং ।
শক্তিদায়ক এই পাচলিবিধ বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি।
ৰঙালাউ এবিধ অতি পুষ্টিকৰ পাচলি। ইয়াক বিভিন্ন ধৰণে খাব পৰা যায়। ইয়াক বিভিন্ন জোখত কাটি বিভিন্ন ধৰণে আঞ্জা-ভাজি আদি খোৱা হয়। ৰঙালাউৰ উপকাৰিতা যথেষ্ট আছে। ইয়াৰ গছৰ কুমলীয়া আগ, পাত আদিকে ধৰি গুটি পৰ্য্যন্ত খাব পাৰি আৰু এইবোৰে যথেষ্ট পুষ্টিৰ যোগান ধৰে আৰু খাদ্যত জুতি প্ৰদান কৰে। ই এবিধ কম কেল’ৰিযুক্ত, কলেষ্টেৰলৰ সমস্যা নথকা তথা যথেষ্ট আঁহযুক্ত পাচলি, য’ত যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থ, ভিটামিন, এন্টি অক্সিডেন্ট আদি থাকে।

গতিকে কলেষ্টেৰলৰ নিয়ন্ত্ৰণ তথা ওজন কমাব খোজা ব্যক্তিয়ে এনে ধৰণৰ পাচলি খাব পাৰে। আন আন লাউজাতীয় পাচলিবোৰৰ ভিতৰত ৰঙালাউতেই আটাইতকৈ বেছি ভিটামিন এ থাকে, যাৰ উপকাৰিতা অলেখ। ই হ’ল এটি উল্লেখযোগ্য এন্টি অক্সিডেন্ট, যিয়ে দৃষ্টিশক্তি শক্তিশালী কৰি ৰাখিব পাৰে তথা গৱেষণাৰ পৰা পোৱা তথ্য অনুযায়ী ইয়ে দেহক হাওঁফাওঁ তথা মুখ গহবৰৰ কেঞ্চাৰ ৰোধ কৰি ৰাখিবৰ ক্ষমতাও প্ৰদান কৰে।ৰঙালাউৰ উজ্জ্বল গাঢ় সুমথিৰা ৰঙৰ কাৰণ হ’ল ইয়াত থকা কেৰ’টিনয়ড, গতিকে ই হ’ল আলফা, বিটা, কেৰ’টিন, ক্ৰিপট’জেন্থিন, ডিয়াজেন্থিন আদিৰ উৎকৃষ্ট উৎস। এইবোৰে এন্টি অক্সিডেন্টৰ কাম কৰে তথা দেহত সৃষ্টি হোৱা মুক্ত মূলকৰ নিয়ন্ত্ৰণ কৰি দেহটোক বিভিন্ন বেমাৰ ৰোধ কৰাৰ ক্ষমতা প্ৰদান কৰে।

অসমীয়া সমাজত বহুতেৰে ঘৰত ৰঙালাউৰ গুটি খায়।কেৱল শুকান ভাজি খোৱাৰ বাহিৰেও ৰঙালাউৰ গুটি ৰন্ধ-বঢ়াৰ ক্ষেত্ৰত বিভিন্নধৰণে প্ৰস্তুত কৰি খাব পাৰি।উল্লেখ্য যে ৰঙালাউৰ গুটি পুষ্টিকৰ গুণ সমৃদ্ধ.ইয়াত মেগনেছিয়াম, আইৰণ তথা ফাইবাৰ আদি উপাদান পোৱা যায়।ৰঙালাউৰ গুটিত এমিন’তথা ভিটামিন চি পোৱা যায়।যিয়ে চুলিৰ স্বাস্থ্য অটুট ৰখাত সহায় কৰে।
হৃদযন্ত্ৰৰ বাবে ৰঙালাউৰ গুটি অতি উপকাৰী।আনহাতে ৰঙালাউৰ গুটিত থকা মেগনেছিয়ানে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

ৰঙালাউৰ গুটিত চেৰ’টেনিন থাকে যাক প্ৰাকৃতিক টোপনিৰ ঔষধ বুলি কোৱা হয়।
ডায়েট কৰা লোকসকলৰ বাবে ৰঙালাউৰ গুটি উত্তম।কাৰণ কম কেল’ৰিৰ এই খাদ্যই ওজন নবঢ়াই ।আনহাতে ই দীৰ্ঘসময়ৰ বাবে পেট ভৰাই ৰাখে।