শিক্ষাৰ্থীয়ে পৰীক্ষাত কিয় নকল কৰে ?

নিউজ ডেস্ক, ৬ আগষ্ট :বৰ্তমান সময়ত ক্লাছৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি চাকৰিৰ পৰীক্ষালৈকে সততে শিক্ষাৰ্থীয়ে নকলৰ দৰে পন্থা অৱলম্বন কৰা পৰিলক্ষিত হয়।
কিছু দিন পূৰ্বে অসম চৰকাৰৰ দ্বাৰা অনুস্থিত কৰা প্ৰতক্ষ্য নিযুক্তি পৰীক্ষাত শিক্ষাৰ্থীসকলক নকলৰ দৰে অসৎ পন্থাৰ পৰা আঁতৰ কৰি পৰীক্ষা সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। আনকি ইন্টাৰনেটো কৰ্তন কৰিছিল।
কিন্তু, আপুনি জানে নে শিক্ষাৰ্থীয়ে পৰীক্ষাত কিয় নকল কৰে ?
আমাৰ সমাজত কিমান শিকিলে তাত কৈ পৰীক্ষাত কিমান শতাংশ নম্বৰ পালে তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আপুনি বা মই সকলোৱে শিক্ষাৰ্থীজনে পঢ়ি কিমান শিকিলে তাতকৈ পৰীক্ষাত কিমান নম্বৰ পালে তাৰ ওপৰত বেছি গুৰুত্ব দিও। ইও এটা কাৰণ যাৰ বাবে শিক্ষাৰ্থীয়ে পৰীক্ষাত নকল কৰে।