Local, Vocal, Global

চাহ শ্ৰমিকক লৈ হেতালি খেলিলে চৰকাৰে, আনন্দ-উৎসৱৰ পৰা বঞ্চিত চাহ শ্ৰমিক

নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : চাহ জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত উৎসৱ হৈছে কৰম উৎসৱ তথা কৰম পূজা। কিন্তু কৰম পূজাত চাহ শ্ৰমিক ৰাইজে পাব লগীয়া বন্ধ সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্তক এতিয়া সহজভাৱে মানি ল’ব পৰা নাই চাহ শ্ৰমিকে৷ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থায়ে।

চৰকাৰৰ হঠকাৰী সিদ্ধান্তক বিৰোধীতা কৰি নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মাটিয়া পাহাৰ চাহ বাগিছাত শ্ৰমিক মহিলাসকলৰ লগতে আটছাৰ বিষয়-ববীয়াসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কৰম পূজাৰ বন্ধৰ বাবত যদি শ্ৰমিকক আন এটি দিনত শ্ৰমদান কৰিব লাগে তেতিয়াহ’লে এই বন্ধ অৰ্থহীন বুলি স্পষ্ট কৰিলে শ্ৰমিকে। ইফালে কৰম পূজাত মজুৰীসহ চৰকাৰী বন্ধৰ ঘোষণা কৰিবলৈ দাবী জনাই আটছাৰ বিষয়-ববীয়াসকলে।

আটছাৰ মতে চৰকাৰৰ শেহতীয়া সিদ্ধান্তই প্ৰকৃততে চৰম অপমানহে কৰিছে চাহ জনগোষ্ঠীয় লোকসকলক। আনফালে চৰকাৰৰ এই সিদ্ধান্তৰ সন্দৰ্ভত যেন নিৰব ভূমিকা পালন কৰিছে চাহ বাগিছা মালিকসকলে। যাৰ বাবে উপায়ন্ত হৈ কৰম পূজা অনুষ্ঠিত হ’বলগীয়া দিনটোত হাতে-হাতে টুকুৰী হৈ চাহ বাগিছাত শ্ৰমদান কৰা দেখা গ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাটিয়া পাহাৰ চাহ বাগিছা চাৰি শতাধিক মহিলা চাহ শ্ৰমিকে।

আনহাতে, কৰম পূজাৰ বন্ধৰ দিনটো কন্দলী চাহ বাগিছাত কামত ব্যস্ত বাগিছা কৰ্মীসকল ৷ মজুৰী সহ চুটি নোপোৱাৰ ক্ষোভ। নগাওঁ জিলাৰ কঠীয়াতলীৰ কন্দলী চাহ বাগিছাত চৰকাৰে মজুৰিবিহিন ছুটী মঞ্জুৰ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে বাগিছাখনৰ কৰ্মীসকলে। অসম চৰকাৰে দিয়া অধিসূচনা অনুসৰি ৬ ছেপ্তেম্বৰ তাৰিখে অসমৰ চাহ বাগিছাসমূহত কৰম পূজা উপলক্ষে বাগিছা বন্ধ ঘোষণা কৰিছে যদিও এই বন্ধৰ পৰিবৰ্তে বাগিছা কৰ্মীসকলে সপ্তাহিক বন্ধৰ দিনা কাম কৰিব বুলি অধিসূচনাখনত উল্লেখ কৰা হৈছে। চৰকাৰৰ এই ঘোষণাক অমান্তি হৈ বাগানৰ কৰ্মীসকলে ক্ষোভিত হৈ আজি কৰ্মত যোগ দিয়ে যদিও চৰকাৰৰ ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পৰবৰ্তী কৰম পূজাত ছুটীসহ মজুৰি দিবৰ বাবে দাবী জনাই।