Local, Vocal, Global

পুনৰ কিয় বিতৰ্কৰ মাজত সোমাই পৰিল বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা

নিউজ ডেস্ক, ৩০ জুলাই : সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। তাৰ পাছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা।

কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্দৰ্ভত “ৰাষ্ট্ৰপত্নী” শীৰ্ষক আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কালি ৰাজ্যত এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল।

আজি সেই সমদলৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা । কোনোৰ মতে ভিডিঅ’টোত বিজেপিৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে দিছিল আহোম জাতি মুৰ্দাবাদ ধ্বনি! আন কিছুমানৰ মতে প্ৰাক্তন বিধায়িকাগৰাকীয়ে ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনি! দিছিল।

মুহূৰ্ততে ভাইৰেল হৈ পৰা ভিডিঅ’ৰ পিছতেই জাঙুৰ খাই উঠে বহুকেইটা আহোম জনগোষ্ঠীয় সংগঠন। তাৰ পিছতে ৰাজপথলৈ ওলাই আহি আহোম জনগোষ্ঠীয় সংগঠনে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে শিৱসাগৰৰ দ’লমুখ চাৰিআলিত বিজেপি চৰকাৰ আৰু আঙুৰলতাৰ বিৰুদ্ধে আটাছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আঙুৰলতাৰ পুত্তলিকা চোচৰাই আনি ৰাজপথত দাহ কৰাৰ লগতে শিৱসাগৰত বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতাক নিষিদ্ধ কৰে আটাছুৱে।