Local, Vocal, Global

ত্ৰিপুৰাত স্থাপন হ’ব Photovoltaic Power Stations

নিউজ ডেস্ক, ৩০ জুলাই : ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই (Jishnu Dev Varma) জনাইছে যে চৰকাৰে ৰাজ্যখনৰ দূৰৱৰ্তী গাওঁসমূহক বিদ্যুৎ যোগান ধৰাৰ বাবে  Photovoltaic Power Stations স্থাপনৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে।

ত্ৰিপুৰা চৰকাৰে এই আঁচনিৰ অধীনত ৰাজ্যখনৰ দূৰৱৰ্তী অংশৰ প্ৰায় ৮০ খন গাওঁলৈ বিদ্যুৎ যোগান ধৰিবলৈ পৰিকল্পনা কৰিছে।

ৰাজ্যিক কেবিনেটৰ শক্তি মন্ত্ৰী Dev Varmaই উল্লেখ কৰে যে চৰকাৰে যোৱা চাৰে চাৰি বছৰ ধৰি গ্ৰাহকৰ পৰা অত্যাধিক হাৰ আদায় নকৰাকৈ বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে।

উপ মুখ্যমন্ত্ৰীয়ে আৰু উল্লেখ কৰিছিল যে ত্ৰিপুৰা চৰকাৰে বিদ্যুৎ উৎপাদনৰ আন্তঃগাঁথনি বৃদ্ধি আৰু সম্ভাৱনা কঢ়িয়াই আনিবলৈ এটা পৃথক কোম্পানী স্থাপন কৰিছে।

মন কৰিবলগীয়া যে ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগম লিমিটেডে (Tripura State Electricity Corporation Limited , TSECL) ডেৰ বছৰত ৫০ টাতকৈও অধিক বিদ্যুৎ উপ-কেন্দ্ৰ নিৰ্মাণ কৰিছে যাতে  Transmissionৰ সময়ত লোকচান হ্ৰাস হয় আৰু গ্ৰাহকসকলক উন্নত মানদণ্ডৰ বিদ্যুৎ যোগান নিশ্চিত কৰিব পাৰে।