Local, Vocal, Global

কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ দ্বিতীয়টো পদক

নিউজ ডেস্ক, ৩০ জুলাই : বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় ভাৰোত্তোলক গুৰুৰাজ পূজাৰীয়ে (Gururaj Poojary) ব্ৰঞ্জৰ পদক জিকিছে।

তেওঁৰ পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত ২৬৯ কিলোগ্ৰাম ওজনৰ সৈতে বিজয়ী হৈছিল।

ইয়াৰ পূৰ্বে সংকেত মহাদেৱ সাৰ্গৰে আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৫৫ কিলোগ্ৰাম ওজন শাখাত মুঠ ২৪৮ কিলোগ্ৰাম ওজনৰ সৈতে ৰূপৰ পদক জিকিছিল।

উল্লেখ্য যে, ভাৰতে বৰ্তমান সময়লৈকে ২০২২ ৰ কমনৱেলথ গেমছত দুটা পদক জিকিছে।