সাৱধান! আন এক মহামাৰীৰ বাবে সাজু হওঁক বিশ্ববাসী
কৰ’নাৰ ভয়াৱহতাৰ পৰাই বিশ্ববাসীয়ে মুক্তি লাভ কৰাৰ পূৰ্বেই বিশ্ববাসীক আন এক মহামাৰীৰ বাবে সাজু হ’বলৈ সাৱধানবাণী শুনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। কৰ’নাৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰভাৱৰ দিশলৈ লক্ষ্য ৰাখি আয়োজন কৰা এক সংবাদমেলত WHOৰ কৰ্তৃত্বশীল বিষয়া টেড্ৰেছ আধানম ঘেব্ৰেয়েছাছে মন্তব্য কৰিছে যে কৰ’নাই শেষ মহামাৰী নহয়। ইয়াৰ পূৰ্বেইও কেইবাটাও মহামাৰী হোৱাৰ ইতিহাস সাক্ষী আছে। কৰ্তৃত্বশীল বিষয়াই বিশ্ববাসী সাৱধানবাণী শুনাই যে আৰু অন্য এটা মহামাৰীয়ে বিশ্ববাসীক আঘাত কৰাৰ পূৰ্বেই বিশ্ববাসীক সম্পূৰ্ণ সাজু হোৱা উচিত। লগতে তেওঁ কয় যে বিশ্বৰ দেশ সমুহে সাম্ভাব্য ৰোগৰ ভেকচিন আৰু ঔষধৰ ওপৰত একলগ হৈ গৱেষণা কৰা উচিত।