Local, Vocal, Global

মেৰামতি হ’ব সুধাকণ্ঠৰ কাজিৰঙাৰ বাসগৃহ

কাজিৰঙাক প্ৰাণ ভৰি ভাল পোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই এসময়ত কাজিৰঙাৰ কুঠৰীত নিৰ্মাণ কৰি লৈছিল এটি বাসভৱন। গীতৰ মাজৰে প্ৰকাশ পাইছিল কাজিৰঙাৰ প্ৰতি থকা অপ্ৰাণ ভালপোৱা। কিন্তু যাযাবৰ শিল্পীগৰাকীৰ কাজিৰঙাৰ কুঠৰীত চিৰদিন থকাৰ হেপাঁহ পূৰ্ণ ন’হল। তথাপিতো জীৱিত কালত কাজিৰঙাৰ কুঠৰীত থকা ঘৰটোত পাৰ কৰিছিল সময়।

দুৰ্ভাগ্যজনকভাৱে সুধাকণ্ঠ আঁতৰি যোৱাৰ পিছত ঘৰটোৰ যতন ল’বলৈ কাৰোৰে আহৰি নহ’ল। সময়ত সোঁতত এলাগী হৈ পৰিল সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহটো। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ সময়ত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে কুঠৰীৰ বাসগৃহটো সংৰক্ষণৰ ঘোষোণা কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ’ল।

কিন্তু প্ৰাণৰ শিল্পী ড০ ভূপেন হাজৰিকাৰ ৯৪সংখ্যক ওপজা দিনটোত কুঠৰীৰ গৃহ মেৰামতি কৰাৰ দায়িত্ব ল’লে সাংসদ বদৰুদ্দিন আজমলে। AIUDFৰ মুখপাত্ৰ চম্পক কলিতা সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি অভিজ্ঞ অভিযন্তাসহ এটি দল কুঠৰীৰলৈ ৰাওনা হ’ব। লগতে কয় যে সাংসদ বদৰুদ্দিন আজমলে অতি শীঘ্ৰে নিজা খৰচত সুধাকণ্ঠৰ বাসগৃহ মেৰামতি কৰিব।