Local, Vocal, Global

বিজয়া দশমীত মোহন ভাগৱতে তেজপিয়া বুলিলে কাক?

নিউজ ডেস্ক: যোৱা ৫ অক্টোবৰত মহাৰাষ্ট্ৰৰ নাগপুৰত অনুস্থিত হৈছিল বিজয়া দশমীৰ অনুস্থান। এই অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ সৰসংঘচালক মোহন ভাগৱত। উগ্ৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে তেওঁৰ ভাষণচ তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী পক্ষক। মূলত তেওঁ কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাষণ প্ৰসংগত মোহন ভাগৱতে তাৎপৰ্য্যপূৰ্ণভাৱে কয় যে তেজপিয়াই কেতিয়াও নিজৰ চেকা আঁতৰাব নোৱাৰে। RSSৰ মূৰব্বী গৰাকীয়ে তেজপিয়া বুলি কাক বুজাব বিচাৰিছে। হয়তো স্বেচ্ছাচাৰী শাসক আৰু কৰৰ বোজা জাপি দি ৰাজহ সংগ্ৰহৰ নামত ভাৰতৰ কোটি কোটি জনতাৰ তেজ শুহি খোৱা শাসকীয় পক্ষক বুজাইছে।

বিগত সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত স্বেচ্ছাচাৰী শাসন চলাইছে বিজেপি চৰকাৰে। সকলো সামগ্ৰীৰ ওপৰত জাপি দিয়া হৈছে অত্যাধিক কৰ। কৰৰ বোজাই কোঙা কৰিছে দেশৰ কোটি কোটি দৰিদ্ৰ জনতাক। সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা পোচাক আৰু খাদ্যৰ ওপৰতো আৰোপ কৰা হৈছে অবাঞ্চিত কৰ। ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু অন্যান্য অনুস্থান গতাই দিয়া হৈছে পুঁজিপতি শোষক গোষ্ঠীক। পুঁজিপতি ব্যৱসায়ীৰ হাতৰ পুতলা সদৃশ হৈছে দেশৰ শ্ৰমজীৱি জনতা। ক’ভিড মহামাৰীৰ সময়ত অপৰিকল্পিত লকডাউন ঘোষণা কৰি স্তব্ধ কৰা হৈছিল জনজীৱন। ধ্বংস হৈছিল দেশৰ অৰ্থনীতি। বিমুদ্ৰাকৰণে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল সমগ্ৰ দেশত। অন্য অৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত দেশৰ জনতাৰ তেজ শুহিব লাগিছে ৰজাঘৰীয়া নেতা আৰু পুঁজিপতি ব্যৱসায়ী গোষ্ঠীয়ে। গতিকে, RSSৰ সৰ সংখ্যক চালক মোহন ভাগৱতে বিজয়া দশমীৰ দিনা অতি কৌশলেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেজপিয়াৰ লগত তুলনা কৰিলে নেকি?

ইফালে বিজয়া দশমীৰ দিনা RSSৰ মূৰব্বী মোহন ভাগৱতে প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দ্বিগবিজয় সিঙে। জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে টুইটাৰ আৰু সামাজিক মাধ্যমৰ জৰিয়তে মোহন ভাগৱতৰ সন্মুখত উত্থাপন কৰিছে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। সাম্প্ৰতিক সময়ত RSSৰ নীতি আদৰ্শেৰে বিজেপিয়ে চলাইছে দেশৰ শাসন। দেশৰ সৰ্বত্ৰ বিয়পি পৰিছে RSSৰ সংগঠন। সহস্ৰাধিক স্থানত নিয়মিত অনুস্থিত হৈছে শাখা। ৬০টাৰো অধিক সহযোগী সংগঠনে বিভিন্ন নামত প্ৰচাৰ চলাব লাগিছে RSSৰ। অন্য অৰ্থত এক বিশাল সংগঠন। কিন্তু এই বিশাল অনুস্থানটো চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত হোৱা নাই। ইয়াৰ কাৰণ জানিব বিচাৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগবিজয় সিঙে।

একে সময়তে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰাহ্মণ্যবাদ আৰু হিন্দু ৰাষ্ট্ৰৰ ধাৰণাকো তীব্ৰ ভাষাত সমালোচনা কৰিছে। ধৰ্মৰ ভিত্তিত গঠিত সংগঠন এটাই ৰাষ্ট্ৰৰ হিত যে কৰিব নোৱাৰে তাকো স্পষ্ট ভাষাত উল্লেখ কৰিছে দ্বিগবিজয় সিঙে। কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰা মৰ্মে লিংগ আৰু বৰ্ণ বৈষম্যৰ পৰা মুক্ত নহয় RSS। আৰু সেই বাবে RSSৰ শীৰ্ষ পদ অৰ্থ্যাৎ সৰ সংঘচালক পদত এগৰাকী মহিলাক নিষুক্তি দি উদাৰতা আৰু সমতাৰ উদাহৰণ সৃষ্চি কৰিবলৈ RSSক অতি তাৎপৰ্য্যপূৰ্ণ আহ্বান জনাইছে দ্বিগবিজয় সিঙে। ভাৰতবৰ্ষৰ দৰে বিশাল আৰু বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য এখনৰ বিৰোধী নেতা এগৰাকীয়ে জনোৱা এই আহ্বান যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিছে।