Local, Vocal, Global

অসমৰ ক’ত ক’ত বলৱৎ হ’ব আফছপা?

নিউজ ডেস্ক,৩১ মাৰ্চঃ উত্তৰ পূৰ্বাঞ্চলত জাপি থোৱা সশস্ত্ৰ সেনা বাহিনী বিশেষ আইন(আফছপা)ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অসম,নাগালেণ্ড আৰু মণিপুৰৰ ক্ষেত্ৰত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিশেষ টুইটযোগে এই কথা ঘোষণা কৰে।


এই আফছপা অসমৰ কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড়, তিনিচুকীয়া,শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, ডিমা হাচাও আৰু কাছাৰ জিলাৰ লক্ষীপুৰত বলৱৎ থাকিব বুলি ঘোষণা কৰে।