Local, Vocal, Global

বৰপেটাৰ অধিবক্তা ৰিণিমা বেগম হত্যাৰ লগত জড়িত চিকিৎসকসহ ৬জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৩১ মাৰ্চঃ যোৱা ২১ মাৰ্চৰ সন্ধিয়া বৰপেটাৰ বিলৰটাৰীহাটীত সংঘটিত হোৱা বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগমৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ১০ দিনৰ ভিতৰতেই ফাদিল হ’ল হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ৷

বৃহস্পতিবাৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে উল্লেখ কৰিলে ৰিণিমা বেগম হত্যাকাণ্ডৰ আচল ৰহস্য ৷

২০১৯ চনত ৰিণিমা বেগমৰ পৰা ৫ বিঘা মাটি ক্ৰয়  কৰিছিল ডাঃ মকদম আলীয়ে ৷ তাৰবাবে আগধন হিচাপে ১ কোটি ১৩ লাখ টকা আদায় দিয়াৰ পিছত ৰিণিমা বেগমে আন লোকৰ ওচৰত মাটিখিনি বিক্ৰীৰ চেষ্টা চলায় ৷ বাৰম্বাৰ অনুৰোধৰ পিছতো মাটি চমজাই নিদিলে ডাঃ মকদম আলীক ৷

আনকি বিষয়টোক লৈ আদালতৰ কাষ চপা ডাঃ মকদম আলীৰ বিৰুদ্ধে ওলোটাকৈ গোচৰ ৰুজু কৰিছিল ৰিণিমাই ৷ পিছে আদালতে ৰায়দান কৰাৰ পূৰ্বেই ডাঃ মকদম আলীয়ে খুলশালীয়েক মহিবুল হক ওৰফে মনিৰ সৈতে লগলাগি ৰিণিমাক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি অৱশেষত সেয়া কাৰ্যত ৰূপায়ণ কৰা হয় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে,  ডাঃ মকদম আলীৰ খুলশালীয়েক মহিবুল হকৰ জৰিয়তে ১৩ লাখ টকাৰ বিনিময়ত ৰিণিমা হত্যাৰ চুপাৰী লৈছিল ৰকিবুল ইছলামে ৷

এই পৰিকল্পনা অনুসৰিয়েই ২১ মাৰ্চৰ সন্ধিয়া ৰকিবুল, আব্বাছ, ৰফিকুল ইছলাম আৰু মুস্তাফ আলীৰ সহযোগত ৰবিয়াল আলীয়ে চোকা অস্ত্ৰৰে ৰিণিমা বেগমক হত্যা কৰিছিল। ইতিমধ্যে ভেলেঙী নদীত ডুবাৰু নমাই হত্যাত ব্যৱহৃত চোকা অস্ত্ৰখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷